এটা ক্ষুদ্ৰ উপগ্ৰহৰ জৰিয়তে মহাকাশলৈ প্ৰেৰণ কৰা হ’ব ভাগৱত গীতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো ।
লগতে উপগ্ৰহটোৱে কঢ়িয়াই নিব ২৫০০ ব্যক্তিৰ নাম ।
পি এচ এল ভিয়ে ২৮ ফেব্ৰুৱাৰীত মুকলি কৰিব এই সতীশ ধাৱন নেনোচেটেলাইট ।
হিন্দুস্তান টাইমচৰ প্ৰতিবেদন অনুসৰি, ‘স্পেচকিডচ ইণ্ডিয়া’ই তৈয়াৰ কৰিছে এই ক্ষুদ্ৰ উপগ্ৰহ ‘SD SAT’।
ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰই মুকলি কৰিবলগীয়া দ্বিতীয়টো উপগ্ৰহ সতীশ ধাৱন উপগ্ৰহ ।
শিক্ষাৰ্থীৰ মাজত মহাকাশ বিজ্ঞান বিষয়ত প্ৰচাৰৰ বাবে উৎসৰ্গিত সংস্থা হৈছে ‘স্পেচকিডচ ইণ্ডিয়া’।
এই ক্ষুদ্ৰ উপগ্ৰহটোৱে তিনিটা বৈজ্ঞানিক পেলোড বহন কৰিব যাৰ জৰিয়তে মহাকাশ বিকিৰণ, চুম্বকীয় স্থান আৰু নিম্ন শক্তিযুক্ত বিস্তৃত পৰিসৰৰ যোগাযোগৰ নেটৱৰ্ক পৰীক্ষণ কৰা হ’ব ।
প্ৰধানমন্ত্ৰীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ কাৰ্যসূচীৰ অধীনত ‘আত্মনিৰ্ভৰ মিছন’ শব্দ সংলগ্ন মোদীৰ ফটো প্ৰেৰণ কৰিব মহাকাশলৈ ।
photo: google