নিউজ ডেস্কঃ হাৰিয়ানাৰ গোণ্ডা সমষ্টিৰ প্ৰাক্তন বিজেপি সাংসদ সত্যদেৱ সিঙৰ বুধবাৰে নিশা মৃত্যু ঘটে। ৭৫ বৰ্ষীয় সত্যদেৱ সিং কিছু দিনৰ পৰা অসুস্থ হৈ গুৰুগ্ৰামৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছিল। কিন্তু বুধবাৰে নিশা হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে বিজেপিৰ প্ৰাক্তন সাংসদ গৰাকীয়ে।
ভাৰতীয় জনতা পাৰ্টীৰ হৈ ১৯৯১ আৰু ১৯৯৯৬ চনত লোকসভালৈ নিৰ্বাচিত হোৱা সত্যদেৱ সিং হাৰিয়ানাৰ এগৰাকী জনপ্ৰিয় নেতা আছিল। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানীৰ ঘনিষ্ঠ বন্ধু সকলৰ ভিতৰত অন্যতম আছিল সত্যদেৱ সিং। বিজেপিৰ যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰূপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
এনে এগৰাকী জ্যেষ্ঠ নেতাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নড্ডাৰ লগতে ৰাজনৈতিক নেতা সকলে।