পুনৰ চৰ্চালৈ আহিছে উত্তৰ প্ৰদেশৰ হাথৰস ৷
হাথৰসত সোমবাৰে এগৰাকী কৃষকক গুলীয়াই হত্যা দুৰ্বৃত্তৰ ৷
নিজ কন্যাৰ ওপৰত চলা যৌন উৎপীড়ণৰ বিৰুদ্ধে মাত মতাৰ বাবেই গুলীয়াই হত্যা কৰিলে নিৰ্যাতিতাৰ পিতৃক ৷
বৰ্তমান পলাতক অৱস্থাত আছে মূল অভিযুক্ত গৌৰৱ শৰ্মা ৷
হাথৰসৰ নৌজৰপুৰ গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড৷
২০১৮ চনৰ ১৬ জুলাইত গৌৰৱ শৰ্মাৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগত গোচৰ ৰুজু কৰিছিল পিতৃয়ে ৷
কিছুদিন কাৰাগাৰত থাকি জামিন লাভ কৰি বাহিৰলৈ ওলাই আহিছিল গৌৰৱ শৰ্মা ৷
সোমবাৰে ব্যক্তিগৰাকী আৰু গৌৰৱ শৰ্মাৰ মাজত মতবিৰোধ হোৱাত অভিযুক্তই গুলীয়াই হত্যা কৰিলে কৃষকজনক ৷
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনা সন্দৰ্ভত উচিত তদন্তৰ আহ্বান জনোৱাৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত হত্যাকাৰীৰ বিৰুদ্ধে শাস্তি প্ৰদানৰ নিৰ্দেশ দিছে ৷
photo: google