উত্তৰ প্ৰদেশৰ বুলন্দচহৰত মহিলা উপ-পৰিদৰ্শকে ব্যক্তিগত ভাড়াতীয়া ঘৰত কাপোৰেৰে ফেনত ফাঁচী লগাই আত্মহত্যা কৰে।
আত্মহত্যাৰ পূৰ্বে মহিলা SI গৰাকীয়ে লিখি থৈ গ’ল ছুইচাইড নোট।
তেওঁ ছুইচাইড নোটত লিখিলে যে এয়া মোৰ কৰ্মৰ ফল।
তেওঁ অনুপ চহৰ কোটবালীত কৰ্মত নিয়োজিত হৈ আছিল।
ঘটনাটোৰ বিষয়ে খবৰ পোৱা মাত্ৰকেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।
আৰক্ষীয়ে ঘটনাস্থলীত ভিডিঅ’ ৰেকৰ্ডিং কৰি হাস্পতাললৈ প্ৰেৰণ কৰে মহিলাগৰাকীক।
কিন্তু হাস্পতালতেই মৃত ঘোষণা কৰে চিকিৎসকে মৃত ঘোষণা কৰে।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অভিযান আৰম্ভ কৰে।
মহিলা উপ-পৰিদৰ্শক আৰজু পাৱাৰ ২০১৫ বেচৰ SI আছিল।
আৰজুৰ ঘৰ শামলী জিলাত আৰু তেওঁ বুলন্দচহৰ জনপদৰ অনুপচহৰ থানাত নিয়োজিত আছিল।
অনুপচহৰস্থিত ভাড়াতীয়া ঘৰৰ তৃতীয় মহলাত বাস কৰিছিল মহিলা উপ-পৰিদৰ্শকগৰাকী।
মৃত মহিলাগৰাকীয়ে প্ৰতিদিনে ঘৰৰ মালিকৰ সৈতে আহাৰ গ্ৰহণ কৰিছিল।
সন্ধিয়া ৭ বজাত মালিকে যেতিয়া তেওঁক আহাৰ গ্ৰহণৰ বাবে মাতে কিন্তু মৃত মহিলাগৰাকীয়ে কিছু সময়ৰ পিছত যাম বুলি কয়।
নিশা ৯ বজালৈ মহিলাগৰাকী খাবলৈ নাযায় আৰু মৃতকৰ ফোনটো একেৰাহে বাজিয়েই থাকে কিন্তু ফোনটো নুঠাই।
যেতিয়া ঘৰৰ মালিক কোঠাটোত উপস্থিত হয় কিন্তু তেওঁ ভিতৰৰ বন্ধ হৈ আছিল।
ঘৰৰ মালিকে পৰিয়ালক ইয়াৰ বিষয়ে জনাই,
কিন্তু সেই সময়টো কোঠাটো খুলিবলৈ চেষ্টা কৰে কিন্তু খোল নাখায়।
কিছু চেষ্টাৰ পিছত কোঠাটো খোলা হয়।
আৰু যেতিয়া ভিতৰলৈ সোমাই যায় তেতিয়া দেখা পাই যে মহিলা উপ-পৰিদৰ্শকগৰাকীৰ শৰীৰ কাপোৰেৰে বনোৱা ফাঁচীৰে ফেনত ওলমি আছিল।
মৃত শৰীৰৰ কাষতে আছিল এখন ছুইচাইড নোট।
ছুইচাইড নোটত লিখা আছিল যে এয়া মোৰ কৰ্মৰ ফল, তেওঁৰ মৃত্যুৰ দায়ী তেওঁ নিজই।
ঘটনাটোৰ বিষয়ে জানিব পৰা মাত্ৰকেই আৰক্ষী মহলত তীব্ৰ হুলস্থুলৰ সৃষ্টি হয়।
ঘটনাস্থলীত উচ্চপদস্থ বিষয়া উপস্থিত হয়।