উত্তৰ প্ৰদেশৰ বুলন্দচহৰত বিষাক্ত সুৰাপান কৰাৰ ফলত ৫জন লোকে হেৰুৱালে প্ৰাণ।
ঘটনা সন্দৰ্ভত থানা আৰক্ষীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে আৰক্ষী বিষয়া দিক্ষিত কুমাৰ ত্যাগী, হলকা ইনচাৰ্জ আৰু থানাখনৰ আন এজন বিষয়া
অনোখে পুৰীক নিলম্বন কৰা হৈছে। লগতে আন ৩জন লোককো আটক কৰা হৈছে।
ছিকন্দৰাবাদ কোটবালী অঞ্চলৰ গাঁও জীতগড়ীত বিষাক্ত সুৰাপান কৰাৰ ফলত কেইবাজনো লোক অসুস্থ হৈ পৰে, ইয়াৰে আজি ৫জন লোকে মৃত্যুক সাৱটি লয়।
ইয়াৰোপৰি আন ১৫জন লোকক পৃথক-পৃথক হাস্পতালত ভৰ্তি কৰোৱা হয়।
গাঁওবাসীয়ে অভিযোগ উত্থাপন কৰে যে সুৰা আৰু আবকাৰী বিভাগৰ অধীনতে বিষাক্ত সুৰা বিক্ৰী কৰা হৈ আছিল।
ঘটনাটোৰ পিছতে সুৰা মাফিয়া কুলদীপ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
ডিএম ৰবীন্দ্ৰ কুমাৰে ক’লে যে ৫জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১৫জন লোকৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে।
थाना सिकन्द्राबाद क्षेत्रांतर्गत ग्राम जीतगढ़ी में शराब पीने से हुई 04 व्यक्तियों की मृत्यु की घटित घटना के संबंध में @dmbulandshahr द्वारा दी गयी बाईट@dgpup @HomeDepttUP @UPGovt @Uppolice pic.twitter.com/49wyhpyxDP
— Bulandshahr Police (@bulandshahrpol) January 8, 2021
আমি চেষ্টা চলাই আছো যে এই ১৫জন লোকৰ কেনেদৰে প্ৰাণ ৰক্ষা কৰিব পাৰি।
মৃত লোককেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
ইয়াৰ দ্বাৰা জানিব পৰা যাব যে এওঁলোকৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি।
বুলন্দচহৰৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ক’লে যে দোষীক কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হওক।
Photo Credit: Google