নিউজ ডেস্কঃ ভাৰতীয়মূলৰ কমলা হেৰিছ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ লগে লগে যেন তামিলনাডুলৈ নামি আহিছে অবতৰীয়া দেৱালীৰ ঢল৷ কমলা হেৰিছৰ মাতৃৰ গৃহভূমি তামিলনাডুৰ তিৰুভাৰুৰ থুলাচেন্দ্ৰপুৰম পাইনাগানাডু গাঁৱৰ জনসাধাৰণে তেওঁ আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰ পোৱাৰ লগে লগেই আনন্দ উদযাপনৰ বাবে ওলাই আহে৷
উল্লেখ্য, কমলা হেৰিছৰ মাতৃ শ্যামলা গোপালনৰ গৃহ ৰাজ্য তামিলনাডু আছিল আৰু তেওঁ ১৯ বছৰ বয়সতেই আমেৰিকালৈ স্থানান্তৰিত হৈছিল৷ পেছাত কৰ্কট বায়ল’জিষ্ট শ্যামলা গোপালনৰ কমলা হেৰিছৰ সাত বছৰ বয়সত বিবাদ বিচ্ছেদ ঘটে৷