নিউজ ডেস্কঃ এক নিশ্চিত বিমান দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবডে। বুধবাৰে সন্ধিয়া মুখ্য ন্যায়াধীশ গৰাকীয়ে যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ ৫৩০ নম্বৰৰ বিমানখনত দেখা দিয়ে যান্ত্ৰিক বিজুতি। আকাশ মাৰ্গত বিমানখনত যান্ত্ৰিক বিজুতি ধৰা পিছতে পাইলটে বিচক্ষণতাৰে বিমানখন কলকাতাৰ দমদম আন্তৰ্জাতিক বিমান বন্দৰত অৱতৰণ কৰাবলৈ সক্ষম হয়। যাৰ ফলত এক নিশ্চিত দুৰ্ঘটনাৰ পৰা মুখ্য ন্যায়াধীশ এছ এ বোবডেৰ লগতে ১৪৬গৰাকী যাত্ৰীৰ জীৱন ৰক্ষা পৰে।
উল্লেখ্য যে, দেশৰ মুখ্য ন্যায়াধীশ এছ এ বোবডেয়ে অসম ভ্ৰমণৰ অন্তত মঙলবাৰে ত্ৰিপুৰালৈ যাত্ৰা কৰিছিল। বুধবাৰে তেওঁ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ই-সেৱা কেন্দ্ৰ উদ্বোধন কৰাৰ পিছতে সন্ধিয়া ত্ৰিপুৰাৰ বীৰ বিক্ৰম বিমান বন্দৰৰ পৰা কলকাতা হৈ হায়দৰাবাদলৈ যাত্ৰা আৰম্ভ কৰে।