নিউজ ডেস্কঃ কৃষি আইনৰ প্ৰতিবাদত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত ৰাষ্ট্ৰপতি ভৱনলৈ আৰম্ভ কৰা সমদলক আৰক্ষীয়ে বাধা প্ৰদান কৰে। আৰক্ষীয়ে এটা সৰু প্ৰতিনিধি দলক ৰাষ্ট্ৰপতিক সাক্ষাতৰ অনুমতি প্ৰদান কৰে।উল্লেখ্য, দেশৰ সহস্ৰাধিক কৃষকে প্ৰায় ২৯ দিন ধৰি দিল্লী-হাৰিয়ানাৰ সীমান্তত কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ কৰি থকাৰ সময়ত কংগ্ৰেছে এই আইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীকে ধৰি ভালেমান কংগ্ৰেছ নেতাক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়। কংগ্ৰেছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক ২ কোটি লোকৰ স্বাক্ষৰ সম্বলিত এখন আৱেদন দাখিল কৰিছে। য’ত কৃষি আইন তিনিখন বাতিলৰ বাবে ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচৰা হৈছে। এই প্ৰতিবাদী কাৰ্যসূচীক নেতৃত্ব দিয়া ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতিক সাক্ষাতৰ পিছত এনেদৰে কয় যে-
‘মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ক’ব বিচাৰো যে, কৃষি আইন বাতিল নকৰা পৰ্যন্ত এইসকল কৃষক ঘৰলৈ উভতি নাযায়।সেয়েহে চৰকাৰে সংসদৰ এখন যুটীয়া অধিৱেশন আহ্বান কৰি এই আইন বাতিল কৰা উচিত । বিৰোধী দলসমূহে কৃষক আৰু শ্ৰমিকৰ পক্ষত আছে।’
আনহাতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কৃষকৰ সমৰ্থনত এই প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিয়ে।