নিউজ ডেস্কঃ আজি সৰ্বভাৰতীয় নৌসেনা দিৱস ৷ নৌসেনা দিৱস উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় নৌসেনাক শুভেচ্ছা জ্ঞাপন কৰে ৷ ১৯৭১ চনত ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত কৰাচী বন্দৰত হোৱা আক্ৰমণক স্মৰণ কৰি প্ৰতি বছৰে ৪ ডিচেম্বৰত নৌসেনা দিৱস পালন কৰি আহিছে। নৰেন্দ্ৰ মোদীয়ে নৌসেনা দিৱস উপলক্ষে কয় য়ে “ নৌসেনা দিৱস উপলক্ষে আমাৰ সাহসী ভাৰতীয় নৌসেনা আৰু তেওঁলোকৰ পৰিয়াললৈ শুভকামনা জনাইছো ৷ সদায় নিৰ্ভীকতাৰে দেশৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন তেওঁলোকে উচৰ্গা কৰি আহিছে ৷ দেশৰ সংকটৰ সময়ত সদায় সহায় সহযোগিতা আগবঢ়াই অহা প্ৰতি গৰাকী নৌসেনালৈ প্ৰধানমন্ত্ৰীয়ে অভিবাদন জ্ঞাপন কৰিছে ৷
Navy Day greetings to all our valorous navy personnel and their families. The Indian navy fearlessly protects our coasts and also renders humanitarian assistance in times of need. We also remember India’s rich maritime tradition over centuries. pic.twitter.com/k2PMgvc0F3
— Narendra Modi (@narendramodi) December 4, 2020
লগতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও টুইটাৰ যোগে নৌসেনা বাহিনী লৈ নৌসেনা দিৱস উপলক্ষে শুভেচ্ছা আৰু সম্ভাষণ জনাই কয় যে দেশখনৰ সমুদ্ৰ সুৰক্ষা নিশ্চিত কৰি আমাৰ দেশখনক সুৰক্ষিত কৰি অহাত সদায় আগভাগ লৈ আহিছে আমাৰ নৌসেনা বাহিনীয়ে। মই তেওঁলোকৰ বীৰত্ব সাহস আৰু বৃত্তিক অভিবাদন জনাইছো।
On the occasion of #indiannavyday2020 my greetings and best wishes to all personnel of this outstanding force. The @indiannavy is at the forefront of keeping our seas safe by ensuring maritime security. I salute their valour, courage and professionalism. pic.twitter.com/2iJzAWSnAH
— Rajnath Singh (@rajnathsingh) December 4, 2020