মঙলবাৰে পুৱা বাৰানসী-লক্ষ্ণৌ নেচনেল হাইৱে’ত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয়।
হাইৱে’ত ট্ৰাক আৰু পিক-আপৰ মুখামুখি সংঘৰ্ষত ৭জন লোকে কৰুণ মৃত্যুক সাৱটে।
জলালপুৰ থানাৰ সমীপৰ লহংপুৰ গাঁৱৰ সমীপত সংঘটিত হোৱা এই ঘটনাটোত ১০ লোক গুৰুতৰভাৱে আহত হয়।
আহত আটাইকেইজন লোককে জিলা হাস্পতাল আৰু বাৰানসী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
আহত লোকসকলৰ অৱস্থা যথেষ্ট সংকটজনক।
অন্তিম সংস্কাৰৰ পৰা আহি আছিল আটাইকেইজন লোক
এই দুৰ্ঘটনাটো সেই সময়ত সংঘটিত হয় যিটো সময়ত পিক-আপত যাত্ৰা কৰা লোকসকল বাৰানসীত এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ অন্তিম সংস্কাৰ কৰি উভতি আহি আছিল।
আটাইকেইজন লোক চৰায়খাবজা থানা এলেকাৰ জলালপুৰ গাঁৱৰ নিৱাসী।
উল্লেখ্য, ধনদেই দেৱী(১১২) নামৰ এগৰাকী মহিলা দেওবাৰে নিধন হৈছিল।
মৃত্যু হোৱাৰ পিছত তেওঁৰ জোঁৱাই লক্ষ্মীশংকৰ গাঁৱৰ লোকসকলৰ সৈতে অন্তিম সংস্কাৰৰ বাবে মৃতদেহটো বাৰানসীলৈ লৈ গৈছিল।
মঙলবাৰে নিশা প্ৰায় ৩ বজাত লহংপুৰ গাঁৱৰ সমীপত পিক-আপ বাহনখন ভুল দিশেৰে আহি থকা ট্ৰাকক খুন্দা মাৰে।
খুন্দা ইমানেই ভয়ংকৰ আছিল যে পিক-আপ বাহনখন ভাঙি চূৰমাৰ হয়।
DM আৰু SPয়ে ল’লে আহতৰ অৱস্থা
দুৰ্ঘটনাটোত খুন্দাৰ শব্দ শুনি কিছু সমীপত থকা ফুলপুৰ থানাৰ ঔদ্যোগিক ক্ষেত্ৰৰ থানা চকীৰ জোৱান ঘটনাস্থলীত উপস্থিত হয়।
আৰক্ষীয়ে আহতসকলক বাহিৰলৈ ওলিয়াই পিণ্ডৰা আৰু জৌনপুৰ জিলা হাস্পতাললৈ প্ৰেৰণ কৰে।
জিলা চিকিৎসালয়ত DM আৰু SPয়ে আহতসকলৰ খবৰ লয়।
দুৰ্ঘটনাটোত মৃত লোককেইজনৰ নাম ক্ৰমে অমৰ বাহাদুৰ যাদৱ(৫৮), ৰামশৃংগাৰ যাদৱ(৩৮), মুন্নীলাল যাদৱ(৩৮), ইন্দ্ৰজিত যাদৱ(৪৮), কমলা প্ৰসাদ যাদৱ(৬০) আৰু ৰামকুমাৰ(৬৫)।
Photo: Google