নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ শ্বাহজাহাপুৰৰ পৰা ৰে’লেৰে কটা যুৱকৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷
ৰে’লেৰে কাটি দুভাগ কৰা শৰীৰ পৰি ৰৈছিল ৰে’ল লাইনৰ কাষৰ নলাত ৷
তাৰ পিছতো যুৱকজনে কৈ আছিল যে ভুল কাৰোৰে নাছিল ৷
১২-১৩ ঘণ্টা পৰ্যন্ত মৃত্যুৰে যুঁজি যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে যুৱকজনে ৷
এই ঘটনাটো সোমবাৰে পুৱা প্ৰায় ১০ বজাত থানা ৰোজা অঞ্চলত সংঘটিত হৈছিল ৷
১৯ বছৰীয়া হৰ্ষবৰ্ধনে নিজৰ মাতৃৰ পৰা টকা লৈ ঘৰৰ পৰা ওলাই আহিছিল ৷
কিন্তু পিছত পৰিয়ালৰ লোকে তাৰ মৃত্যুৰ খবৰ শুনিবলৈ পায় ৷
সূত্ৰ অনুসৰি, কিছু সময়লৈ যুৱকজনে ৰে’ল অহাৰ অপেক্ষাত থাকে ৷ যেতিয়াই ৰে’লখন আহি পাই যুৱকজনে সেইসময়ত ৰে’ল লাইনত শুই পৰে ৷
দ্ৰুতগতিত অহা ৰে’লখন যুৱকজনৰ ওপৰেৰে পাৰ হৈ যায় আৰু তেতিয়াই যুৱকজনৰ শৰীৰৰ তলৰ ভাগ কাটি বাগৰি পৰে আৰু ওপৰৰ অংশ নলাত ছিটিকি পৰে ৷
যুৱকজনৰ শৰীৰ দুভাগ হৈ গৈছিল ৷ তাৰ পিছতো যুৱকজন নলাত এনেদৰে পৰি আছিল যেন তাৰ একো হোৱাই নাছিল ৷
কিন্তু সমীপতে পৰি আছিল কঁকালৰ তলৰ অংশ ৷ তথাপিও বাৰে বাৰে কৈ আছিল ইয়াত কাৰোৰে দোষ নাই ৷
ঘটনাটোৰ পিছত স্থানীয় লোকে শৰীৰৰ দুটা অংশই ১০৮ নম্বৰত ফোন কৰি হাস্পতাললৈ প্ৰেৰণ কৰে ৷
চিকিৎসকে প্ৰায় ১২-১৩ ঘণ্টা সময় চিকিৎসা চলোৱাৰ পিছতো যুৱকজনৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে ৷
মাত্ৰ দুয়োখন ভৰিৰহে অন্তিম সংস্কাৰ কৰিব পাৰিলে পৰিয়ালে ৷
photo credit: google