ৰেলৰ এটা পৰীক্ষা ৷ এই পৰীক্ষাৰ এই ফলাফল ঘোষণাৰ পাছতে অথন্তৰ বিহাৰ আৰু উত্তৰ প্ৰদেশত। পৰিস্থিতি এনে হ’লগৈ যে ৰেল জ্বলাই দিয়া হ’ল। আৰক্ষীৰ লাঠীচালনা হ’ল ৷ প্ৰতিবাদী ছাত্ৰ গ্ৰেপ্তাৰ হ’ল। বিহাৰ বন্ধ ঘোষণা হ’ল ৷অৱশেষত ভাৰতীয় ৰেলে Non-Technical Popular Categories চমুকৈ NTPC পৰীক্ষা স্থগিত ৰাখিব লগা হ’ল ৷ কিয় এই পৰিস্থিতিৰ সৃষ্টি হ’ল? লগতে এই ঘটনাৰ পাছত এই প্ৰশ্নও উঠিছে যে দেশৰ চৰকাৰে ভয়ানক ৰূপ লোৱা নিবনুৱা সমস্যাক কিমান দিনলৈ আওকান কৰিব?
২০২০ৰ ২৮ ডিচেম্বৰৰ পৰা ২০২১ৰ ৩১ জুলাইলৈ ৰেলৱেৰ NTPC আৰু Level 1 testসমূহ হৈছিল ৷ পদ আছিল প্ৰায় ৩৫হাজাৰটা non technical ৷ আবেদন কৰিছিল প্ৰায় ১.৪ কোটি নিবনুৱাই ৷ ৰেল বিভাগে প্ৰকাশ কৰিছিল যে level2 পৰীক্ষাৰ বাবে মুঠ পদৰ ২০গুণ বেছি প্ৰাৰ্থী shortlist কৰা হ’ব ৷ অৰ্থাৎ ৭ লাখ ৷ ১৫ জানুৱাৰীত ফলাফল ঘোষণা হ’ল ৷ মুঠ ৩৫২৮১টা পদৰ বিপৰীতে প্ৰায় ৭.০৫লাখ প্ৰাৰ্থীৰ নাম ঘোষণা হ’ল। দেখাত ২০গুণ প্ৰাৰ্থী level2ৰ বাবে বাছনি হ’ল ঠিকেই ৷ কিন্তু পাছত ওলাই পৰিল যে এই ৭লাখ প্ৰাৰ্থী প্ৰকৃততে ৭ লাখ নহয়। প্ৰকৃততে ৩.৮৪ লাখ প্ৰাৰ্থীকহে বাছনি কৰা হৈছে ৷ যিটো মুঠ পদৰ ১১ শতাংশহে ৷ ৰেল বিভাগে কোৱাৰ দৰে ২০ শতাংশ নহয় । কেনেকৈ?
আচলতে দুই বা ততোধিক পদৰ বাবে উত্তীৰ্ণ একোজন প্ৰাৰ্থীকে উত্তীৰ্ণ হোৱা আটাইকেইটা পদৰ বিপৰীতে পৃথক প্ৰাৰ্থী বুলি ধৰা হৈছে ৷ আৰু তেনেকৈয়ে মুঠ পদৰ ২০ গুণ বেছি প্ৰাৰ্থী level2ৰ বাবে বাছনি কৰা বুলি দাবী কৰা হৈছে ৷
ইয়াৰ ফলত কাট্অফ মাৰ্ক বাঢ়িছে আৰু লগতে ৩ লাখতকৈ অধিক যোগ্য প্ৰাৰ্থী বাদ পৰা বুলি অভিযোগ উঠিছে ৷ লগতে এয়াও অভিযোগ কৰা হৈছে যে নিম্ন অৰ্হতা লগা পদত অন্যায়ভাৱে উচ্চ অৰ্হতাসম্পন্ন প্ৰাৰ্থীক প্ৰতিযোগিতাৰ সুযোগ দিয়া হৈছে৷
এই ফলাফল ঘোষণাৰ পাছতে ক্ষোভত ফাটি পৰে বহু বঞ্চিত প্ৰাৰ্থী ৷ মূলতঃ উত্তৰ প্ৰদেশ আৰু বিহাৰত হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে ৰেলপথ অৱৰোধ কৰে ৷ বুধবাৰে গণৰাজ্য দিৱসৰ দিনাই বিহাৰৰ ভোজপুৰত ক্ষুব্ধ প্ৰাৰ্থীয়ে এখন ৰেলৰ এটা দবা জ্বলাই দিয়ে ৷ বহু ঠাইত আৰক্ষীয়ে প্ৰতিবাদী ছাত্ৰৰ ওপৰত লাঠীচালনা কৰে৷ এই হিংসাত্মক ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা স্থগিত ৰাখে ৷ ৰেল বিভাগৰ মতে ২০১৯চনত এই পৰীক্ষাৰ বাবে জাৰি হোৱা জাননীত বাছনি প্ৰক্ৰিয়াৰ বিষয়ে স্পষ্টকৈ উল্লেখ আছিল । ৰেল বিভাগে লগতে এনে ঘটনাত জড়িত প্ৰাৰ্থীক ৰেলৰ চাকৰিৰ পৰা চিৰদিনলৈ নিষিদ্ধ কৰা হ’ব বুলি সকীয়াই দিয়ে ৷ ৰেল বিভাগে ইয়াৰ উপৰি এখন সমিতি গঠন কৰি উত্তীৰ্ণ আৰু অনুত্তীৰ্ণ প্ৰাৰ্থীৰ মতামত লৈ ৰেল মন্ত্ৰণালয়ক প্ৰতিবেদন দাখিল কৰিব বুলি জনায় ।
এই ঘটনাই পোহৰলৈ আনিছে দেশত ভয়াৱহ ৰূপ ধাৰণ কৰা নিবনুৱা সমস্যাৰ কথাও। ৩৫হাজাৰ পদৰ বিপৰীতে ১ কোটিৰো অধিক প্ৰাৰ্থীৰ আবেদন নিবনুৱাসকলে ভুগি থকা নিৰাশাজনক অৱস্থাৰ প্ৰমাণ। মন কৰিব লাগিব যে নিম্ন অৰ্হতা লগা এনে পদবোৰত আবেদন কৰিছে উচ্চ অৰ্হতাসম্পন্ন অগণন নিবনুৱাই ৷ Centre for Monitoring Indian Economy চমুকৈ CMIEৰ শেহতীয়া প্ৰতিবেদনত আকৌ এবাৰ দেশৰ নিবনুৱা সমস্যাৰ ভয়াৱহ ৰূপটো পোহৰলৈ আহিছে ৷
দেশত সম্প্ৰতি ৫.৩ কোটি নিবনুৱা আছে ৷ আৰু ইয়াৰে বেছিভাগেই মহিলা ৷ এই ৫.৩ কোটিৰ ৩.৫ কোটিয়ে বৰ্তমান সক্ৰিয়ভাৱে চাকৰি বিচাৰি আছে ৷ আন ১.৭কোটিয়ে সক্ৰিয়ভাৱে চাকৰি বিচৰা নাই। সম্প্ৰতি দেশৰ নিবনুৱাৰ হাৰ ৭.৯শতাংশ যিটো চাৰি মাহৰ ভিতৰত সৰ্বাধিক।
ইয়াৰে নগৰীয়া নিবনুৱাৰ হাৰ ৯.৩ শতাংশ ৷ গ্ৰাম্য নিবনুৱাৰ হাৰ ৮.২ শতাংশ ৷ দৰমহাভোগী লোকৰ সংখ্যা ২০২১চনত ১৯ শতাংশলৈ হ্ৰাস পায় ৷ ইয়াৰ অৰ্থ হ’ল ৯৫ লাখ লোকে চাকৰি হেৰুৱাই হয় কৰ্মহীন নহয় অসংগঠিত খণ্ডত যোগ দিছে ৷ অসংগঠিত খণ্ডতো নিযুক্ত কৰ্মচাৰীৰ সংখ্যা ৪০.৮কোটিৰ পৰা ৪০.৬কোটিলৈ হ্ৰাস পাইছে একে সময়ছোৱাত ৷
অৱশ্যে CMIEৰ মতে ভাৰতৰ নিবনুৱা সমস্যাৰ ভয়াৱহতা নিবনুৱাৰ হাৰত প্ৰকাশ নাপায় ৷ প্ৰকাশ পায় সংস্থাপনৰ হাৰতহে ৷ সংস্থাটোৰ মতে ভাৰতৰ নিবনুৱাৰ হাৰ ৪৩ শতাংশ ৷ কিন্তু সংস্থাপনৰ হাৰ ৩৮ শতাংশ । আন্ত:ৰাষ্ট্ৰীয় সংস্থাপনৰ হাৰৰ সৈতে ফেৰ মাৰিবলৈ ভাৰতত ১৮.৭ কোটি লোকক অতিৰিক্তকৈ সংস্থাপন দিব লাগিব বুলি সংস্থাটোৱে কয় ৷
এতিয়া প্ৰশ্ন হয়, কেতিয়ালৈ চৰকাৰে এই ভয়াৱহ নিবনুৱা সমস্যাক আওকাণ কৰি থাকিব ? চৰকাৰী পক্ষই প্ৰায়ে কোভিডকালীন পৰিস্থিতিক অজুহাত হিচাপে দেখুৱায় । কিন্তু national sample surveyই ২০১৯ত প্ৰকাশ কৰা তথ্য মতে ৪৫ বছৰৰ ভিতৰত দেশৰ নিবনুৱাৰ হাৰ সৰ্বাধিক আছিল ৷ তেতিয়াতো ক’ভিড নাছিল!