বম্বে হাইকৰ্টে মঞ্জুৰ কৰিলে বাৰ্কৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া পাৰ্থ দাসগুপ্তাৰ জামিন আৱেদন ৷
টিআৰপি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত শেহতীয়াভাৱে আটক কৰা হৈছিল পাৰ্থ দাসগুপ্তাক ৷
মঙলবাৰে ন্যায়াধীশ পি ডি নায়কৰ বিচাৰপীঠে এক শুনানীযোগে জামিন মঞ্জুৰ কৰে অভিযুক্তৰ ৷
বিগত বৰ্ষৰ ২৪ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তালোজা কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছিল পাৰ্থ দাসগুপ্তাক ৷
উল্লেখ্য, দাসগুপ্তা ২০১৩ চনৰ জুনৰ পৰা ২০১৯ নবেম্বৰলৈকে কৰ্মৰত আছিল বাৰ্কৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে ৷
ৰিপাব্লিক টিভিৰ টিআৰপি মেনেজ কৰিবৰ বাবে মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ পৰা ১২০০০ মাৰ্কিন ডলাৰ আৰু ৪০ লাখ টকা নগদ লোৱাৰ অভিযোগ উত্থাপন হৈছিল পাৰ্থ দাসগুপ্তাৰ বিৰুদ্ধে ৷
২ লাখ টকাৰ জৰিমনা আৰু এটা চৰ্তৰ ভিত্তিত জামিন মঞ্জুৰ কৰিছে বম্বে হাইকৰ্টে ৷
৬মাহ পৰ্যন্ত মাহৰ প্ৰথমটো শনিবাৰে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ হ’ব লাগিব পাৰ্থ দাসগুপ্তা ৷
ফৌজদাৰী গোচৰৰ ধাৰা ৪৩৯ ৰ অধীনত আৰু চিকিৎসাজনিত কাৰণত জামিন আৱেদন কৰিছিল পাৰ্থ দাসগুপ্তাই ৷
পূৰ্বে জানুৱাৰীত মুম্বাই চেচন আদালতে নাকচ কৰিছিল পাৰ্থ দাসগুপ্তাৰ জামিন আৱেদন ৷