শীঘ্ৰেই লণ্ডনৰ পৰা ভাৰতলৈ অনা হ’ব নীৰৱ মোদীক ৷
পঞ্জাৱ নেচনেল বেংক কেলেংকাৰীৰ মূল অভিযুক্ত নীৰৱ মোদীক আগন্তুক ২৮ দিনৰ ভিতৰত আনিব ভাৰতলৈ ৷
২৮ দিনৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব যাৱতীয় প্ৰক্ৰিয়া ৷
লণ্ডনৰ এক আদালতে নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যাৰ্পনৰ বাবে জাননী জাৰি কৰিছে ৷
কিন্তু বৰ্তমানেও তিনিটা বিকল্প উপায় আছে বিতৰ্কিত হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ হাতত ৷
লণ্ডনৰ স্থানীয় আদালতৰ এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব পাৰিব ৷
প্ৰয়োজনত চুপ্ৰিম ক’ৰ্টৰো কাষ চাপিব পাৰিব নীৰৱ মোদী ৷
ইয়াতো যদি বিফল হয় অভিযুক্তগৰাকী তেতিয়া মানসিক স্বাস্থ্যৰ অৱনতিৰ আলম লৈ লণ্ডনৰ মানৱ অধিকাৰ আদালতত আৱেদন জনাব পাৰিব ৷
স্থানীয় আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ অধিকাৰ নীৰৱ মোদীক ব্ৰিটেইনৰ আইনে প্ৰদান কৰিছে ৷
এতিয়া নীৰৱ মোদীৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁ কি সিদ্ধান্ত গ্ৰহণ কৰে ৷
তেওঁ ইতিমধ্যেই আদালতত জনাইছে যে তেখেতৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু ভাৰতৰ কাৰাগাৰত পৰ্যাপ্ত সুবিধাৰ অভাৱ ৷
গতিকে মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিব নালাগে ৷