নিউজ ডেস্কঃ মহামাৰী ক’ৰোনাৰ বাবে বিদ্যালয়ৰ শ্ৰেণী কোঠা বন্ধ হৈ থকাৰ লগতে পৰীক্ষাসমূহো বাতিল কৰা হৈছিল ৷ ক’ৰোনা সংক্ৰমণ হ্ৰাস পোৱাৰ পিছত বৃহস্পতিবাৰে ঘোষণা কৰা হ’ল চিবিএছইৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ দিন ৷ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালে ঘোষণা কৰা মতে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে ১ মাৰ্চৰপৰা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষাসমূহ অনুস্থিত কৰিব আৰু ৪ তাৰিখৰপৰা ১০ তাৰিখলৈ ব’ৰ্ডৰ পৰীক্ষা অনুষ্ঠিত হ’ব ৷ জানিব পৰা মতে ১৫ জুলাইৰ ভিতৰত দুয়োটা শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব ৷ উল্লেখযোগ্য যে কোৰোণা মহামাৰীৰ বাবে চিবিএছই–এ ৩০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰিছে।
I announced the date of commencement for @cbseindia29 board #exams 2021 today. The exams will commence from May 4 and end before June 10. pic.twitter.com/sh0jbCBgcQ
— Dr. Ramesh Pokhriyal Nishank (@DrRPNishank) December 31, 2020
উল্লেখ্য, সাধাৰণতে চিবিএছইৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষা জানুৱাৰী মাহত আৰু ব’ৰ্ডৰ পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় যদিও ক’ভিড সংক্ৰমণৰ বাবে এইবাৰ পৰীক্ষাসমূহ অনুষ্ঠিত হোৱা নাছিল ৷