ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ ‘সংহত আঞ্চলিক কাৰ্যালয়(আইআৰঅ)য়ে ‘নেশ্যাৰ এনভাৰ্ণমেণ্ট এণ্ড ৱাইল্ডলাইফ ছ’চাইটী’ৰ সহযোগত আজি দীপৰ বিলৰ ওচৰৰ ‘আজাৰা কেওঁটপাৰা প্ৰাথমিক বিদ্যালয়’ত এক দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰে। অনুষ্ঠানটো বিজ্ঞানী ড০ সুব্ৰত বসুৰ উদ্বোধনী ভাষণৰে আৰম্ভ হয়। ইয়াৰ পিচতে বিজ্ঞানী তথা ‘আইআৰঅ’ গুৱাহাটী’ৰ মুৰব্বী, ড০ হেমেন হাজৰিকাই কাৰ্যসূচী সন্দৰ্ভত এক বিতং আলোচনা আগবঢ়ায়। তেওঁ ভাৰত চৰকাৰে আৰম্ভ কৰা ‘মিছন লাইফ’ কাৰ্যক্ৰম সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰে। তেওঁ পৃথিৱীত জীৱনৰ উৎপত্তি, প্ৰজাতিসমূহৰ উৎপত্তি আৰু বছৰে বছৰে বিলুপ্তিৰ মুখলৈ যোৱা প্ৰজাতিসমূহৰ বিষয়ে বিবৰি কয়। তেওঁ পাৰিপাৰ্শ্বিকতাৰ ওপৰত আৰ্দ্ৰভূমিৰ ভূমিকা আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো তথ্য সমৃদ্ধ ব্যাখ্যা দাঙি ধৰে। ড০ হাজাৰিকাই বৰাগাঁৱত অৱস্থিত আৱৰ্জনাৰ স্তূপৰ বিষয়েও উল্লেখ কৰি এই আৱৰ্জনাৰ স্তুপে দীপৰবিলৰ দৰে অসমৰ একমাত্ৰ ‘ৰামচাৰ স্থান’ক প্ৰদূষিত কৰি আছে বুলি উল্লেখ কৰে। কিয়নো বৰষুণৰ বতৰত আৱৰ্জনাৰ স্তূপৰ পৰা বৈ অহা পানী আৰ্দ্ৰভূমিলৈ বিয়পি পৰে আৰু এনেদৰেই প্ৰদূষিত পানী মাছ আৰু অন্যান্য জলজ গছ-গছনি তথা মানুহৰ ব্যৱহাৰৰ বাবে অনুপযুক্ত হৈ পৰে বুলি তেওঁ অভিমত ব্যক্ত কৰে।
ইয়াৰ পিছত, ‘প্ৰদূষণৰ ফলত পৰিৱেশৰ অৱক্ষয় আৰু প্ৰতিকাৰমূলক ব্যৱস্থা হিচাপে ৩টা সংকল্প গ্ৰহণ’ সন্দৰ্ভত ‘নেশ্যাৰ এনভাৰ্ণমেণ্ট এণ্ড ৱাইল্ডলাইফ ছ’চাইটী’-ৰ ‘পৰিৱেশ বিষয়া’ ড০ ৰীতাশ্ৰী বৰদলৈয়ে এক ‘পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন’ প্ৰদান কৰে। ‘ডকুমেণ্টেচন এণ্ড কমিউনিকেশ্যন মেনেজাৰ’ ড০ ময়ূৰ বাৱৰী আৰু ‘নেশ্যাৰ এনভাৰ্ণমেণ্ট এণ্ড ৱাইল্ডলাইফ ছ’চাইটী’ৰ প্ৰকল্প মেনেজাৰ ৰিমাক্ষী চৌধুৰী, আইআৰঅ’ গুৱাহাটী-ৰ ‘গৱেষণা বিষয়া’ থৌদাম জেমছ সিং, কেওটপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু গাঁওখনৰ গাঁওবুঢ়াগৰাকীয়েও অনুষ্ঠানটোত ভাষণ প্ৰদান কৰে।
অনুষ্ঠানটোত “দ্য ভেনিছিং ভালশ্যাৰ” নামৰ শগুণ সংৰক্ষণৰ সম্পৰ্কীয় এখন তথ্যচিত্ৰও দৃশ্য-শ্ৰাব্য মাধ্যমৰ সহায়ত প্ৰদৰ্শিত কৰা হয়। শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ মাজত এটা গছপুলি বিতৰণ কাৰ্যসূচীও অনুষ্ঠিত কৰা হৈছিল, য’ত ২০০গৰাকী অংশগ্ৰহণকাৰীৰ মাজত স্থানীয় প্ৰজাতিৰ ফল লগা ২০০টা গছপুলি বিতৰণ কৰা হয়। ‘সংহত আঞ্চলিক কাৰ্যালয়, গুৱাহাটী’য়ে অনাগত দিনবোৰত বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলৰ মাজত পৰিৱেশ সম্পৰ্কীয় বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰাৰ পৰিকল্পনা কৰাৰ লগতে ‘মিছন লাইফ’ (পৰিৱেশৰ বাবে জীৱন) সম্পৰ্কে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত সচেতনতা সৃষ্টিৰ লক্ষ্য গ্ৰহণ কৰিছে।