উত্তৰ প্ৰদেশৰ আগৰাত দিন-দুপৰতে কিশোৰীক অপহৰণ কৰাৰ ঘটনাৰ পিছতে হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।
অপহৰণকাৰীয়ে প্ৰথমে কিশোৰীগৰাকীক বোৰ্খা পিন্ধোৱাই, পিছত তাইক অপহৰণ কৰে।
এই সমগ্ৰ ঘটনা CCTVত কেমেৰাত বন্দী হয়।
অপহৰণ ঘটনাটোৰ বিষয়ে খবৰ পোৱা মাত্ৰকেই কিশোৰীগৰাকীৰ তালাচী অভিযান আৰম্ভ কৰে।
আগৰাৰ নিউ আগৰা থানা অঞ্চলৰ দয়ালবাগত এজন যুৱকে কিশোৰীগৰাকীক দিন-দুপৰতে অপহৰণ কৰে।
এই ঘটনাটোৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি দিছে।
ঘটনাস্থলীৰ আশেপাশে থকা CCTV ফুটেজ পৰীক্ষা কৰে।
কেমেৰাতে কিশোৰীগৰাকীৰ সমগ্ৰ অপহৰণকাণ্ডটো বন্দী হৈছিল।
তদন্তত জানিব পৰা গৈছে যে অভিযুক্ত যুৱকজনৰ নাম মেহতাব।
CCTVত মেহতাবৰ সৈতে বোৰ্খাত এগৰাকী কিশোৰীকো প্ৰত্যক্ষ কৰা হৈছে আৰু কিশোৰীগৰাকীক ঢাকি ঢাকি লৈ গৈ থকা দেখা গৈছে অভিযুক্ত যুৱকজনক।
জানিবলৈ দিয়া অনুসৰি সেইগৰাকীয়ে কিশোৰী, যাক অপহৰণ অভিযুক্তই নিচাযুক্ত দ্ৰব্য গুন্ধোৱাই কৰিছিল।
আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি কিশোৰীগৰাকীৰ সন্ধান অভিযান আৰম্ভ কৰিছে।
২০১৮ বৰ্ষটো অভিযুক্ত মেহতাবে ভুক্তভোগী কিশোৰীগৰাকীক অভিযুক্ত মেহতাবে অপহৰণ কৰিছিল। পিছত স্থানীয় আৰক্ষীয়ে তাই উদ্ধাৰ কৰিছিল।
Photo: Google