নিউজ ডেস্কঃ চৰকাৰে দহ দিনৰ ভিতৰত ক’ৰোনা প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ কৰিব ৷
নতুন দিল্লীৰ এক সংবাদ মেলত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সদৰী কৰে এই কথা ৷
দেশত তৈয়াৰ কৰা দুটা প্ৰতিষেধকক ভাৰতত নিয়ন্ত্ৰিত জৰুৰী ব্যৱহাৰৰ বাবে ঔষধ নিয়ন্ত্ৰক প্ৰধানে অনুমতি দিয়াৰ দুদিন পিছতে স্বাস্থ্য সচিবগৰাকীয়ে কয় যে দহ দিনৰ ভিতৰত প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ কৰিবলৈ চৰকাৰ সাজু ৷
সেই অনুসৰি ১৩ জানুৱাৰীৰ পৰা প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে ৷
প্ৰত্যেকৰে বাবে প্ৰতিষেধকৰ দুটা পালিৰ প্ৰয়োজন হ’ব ৷
ইয়াৰ সমান্তৰালকৈ কিমান পালি প্ৰতিষেধক নষ্ট হ’ব পাৰে তাৰো হিচাপ কৰিলে কেন্দ্ৰই ৷
হিচাপ অনুসৰি ইয়াৰ হাৰ দহ শতাংশ নিৰ্ধাৰণ কৰা হৈছে ৷
এই হিচাপত কোন ৰাজ্যত কিমান প্ৰতিষেধকৰ প্ৰয়োজন হ’ব ,ৰাজ্য সমূহৰ পৰা তাৰ তথ্য বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে ৷
স্বাস্থ্য মন্ত্ৰালয়ৰ হিচাপ মতে ত্ৰিশ কোটি লোকক দিবলৈ প্ৰয়োজন হ’ব ৬৬ কোটি ৬ লাখ প্ৰতিষেধক ৷
ইপিনে সকলো বিতৰ্কৰ অন্ত পেলাই দেশত একেলগে ক’ৰোনা প্ৰতিষেধক যোগান ধৰাৰ কথা ঘোষণা কৰিলে ক’ভাক্সিনৰ নিৰ্মাতা ভাৰত বায়’টেক আৰু ক’ভিশ্বিল্ডৰ নিৰ্মাতা ছেৰাম ইনষ্টিটিউটে ৷
ভাৰত বায়’টেকৰ চি ই অ’ আদৰ পুনাওৱালা আৰু ছেৰামৰ এম ডি কৃষ্ণন এলাই এক যৌথ বিবৃতিযোগো এই কথা ঘোষণা কৰে ৷
photo credit: google