আই পি এলত নাথাকিব চীনৰ ম’বাইল প্ৰতিষ্ঠান VIVO। টাইটেল স্প’নছৰ ভিভোক আই পি এলৰ পৰা আঁতৰাই ভাৰতীয় প্ৰতিষ্ঠান TATA হ’ব আই পি এলৰ টাইটেল স্প’নছৰ। ২০২৩ বৰ্ষৰ পৰা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ঐশ্চয্যশালী প্ৰতিযোগিতা আই পি এল নামৰ পৰিবৰ্তে টাটা আই পি এল বুলি জনাজাত হ’ব।
আজি আই পি এলৰ পৰিচালনা পৰিষদৰ এক বৈঠকত এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি পৰিষদৰ অধ্যক্ষ ব্ৰিজেশ পেটেলে জানিবলৈ দিয়ে। উল্লেখ্য যে আই পি এলৰ টাইটেল স্প’নছৰ হিচাপে থকা ভিভোৱে প্ৰতিবছৰে বি চি চি আইক ৪৪০ কোটি টকা পৰিশোধ কৰি আহিছিল।
বিগত বৰ্ষত ভাৰত-চীন বিবাদক লৈ দেশত প্ৰতিবাদ আৰম্ভ হোৱাৰ সময়ত ভিভোৱে এবছৰৰ বাবে আই পি এলৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। বি চি চি আইৰ ভিভোৰ সৈতে ৫ বছৰীয়া এক চুক্তি আছিল। সেই চুক্তি অনুসৰি ভিভোৱে বি চি চি আইক ২১৯০ কোটি টকা প্ৰদান কৰাৰ কথা আছিল।