পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাত নিমটিটা ৰে’লৱে ষ্টেচনত অচিনাক্ত দুৰ্বৃত্তই চলোৱা আক্ৰমণত মন্ত্ৰী জাকিৰ হুছেইন গুৰুতৰভাৱে আহত হয়।
আৰক্ষীয়ে জনালে যে, মন্ত্ৰীৰ সৈতে থকা প্ৰায় অন্য দুজন লোকে এই আক্ৰমণত আহত হয়।
সূত্ৰ অনুসৰি, পশ্চিমবংগৰ CIDয়ে এই ঘটনাটোৰ তদন্ত নিজৰ হাতত লৈছে।
ইফালে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ক’লে যে আক্ৰমণ ৰে’লৰ পৰিসৰত সংঘটিত হৈছে, যাৰ বাবে কেন্দ্ৰই উত্তৰ দিব লাগিব।
মন্ত্ৰীগৰাকীৰ অৱস্থাৰ বিষয়ে মুৰ্ছিদাবাদ মেডিকেল কলেজৰ অধীক্ষক অমিয় কুমাৰ বেৰাই ক’লে যে জাকিৰ হুছেইৰ অৱস্থা বৰ্তমান স্থিৰ আৰু তেওঁ বিপদমুক্ত।
তেওঁৰ এখন হাতত আৰু ভৰি আঘাতপ্ৰাপ্ত হৈছে। মন্ত্ৰীগৰাকীক কলকাতালৈ স্থানান্তৰ কৰা হৈছে।
মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ক’লে যে জাকিৰ হুছেইনৰ ওপৰত কৰা বোমা আক্ৰমণ এক ষড়যন্ত্ৰৰ অংশ।
তেওঁ ক’লে যে কিছুমান লোকে জাকিৰ হুছেইনৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আছে যে তেওঁলোকৰ দলত যোগদান কৰক।
#WATCH: WB Minister Jakir Hossain injured after unidentified persons hurled a bomb at him at Nimtita railway station, Murshidabad y'day.
Murshidabad Medical College Superintendent says that he's stable & out of danger, one hand & leg injured.
(Amateur video, source unconfirmed) pic.twitter.com/ih7DLHAWLq
— ANI (@ANI) February 18, 2021
ইফালে ৰে’ল মন্ত্ৰী পীয়ুষ গোয়েলে এই আক্ৰমণক নিন্দা কৰে।
#WATCH I West Bengal: BJP District President North Kolkata Shibaji Singha Roy was injured after he along with party leaders including Suvendu Adhikari and Shankudeb Panda was attacked allegedly by some persons at Phool Bagan.
He has been admitted to a hospital. pic.twitter.com/ZUs2jDIEKJ
— ANI (@ANI) February 17, 2021
লগতে ক’লে যে,’মই পশ্চিমবংগৰ নিমটীটা ৰে’লৱে ষ্টেচনত সংঘটিত হোৱা নৃশংস বোমা আক্ৰমণ তীব্ৰ ভাষাৰে গৰিহণা দিছো।
এই আক্ৰমণত যিসকল আহত হৈছে তেওঁলোকৰ শীঘ্ৰে স্বাস্থ্য উন্নত হোৱাৰ বাবে প্ৰাৰ্থনা জনাইছো।
পশ্চিমবংগ আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই ক’লে যে শ্ৰম ৰাজ্য মন্ত্ৰী হুছেইন ষ্টেচনৰ ২নং প্লেটফৰ্মত নিশা প্ৰায় ১০ বজাত কলকাতালৈ যোৱা ৰে’লৰ অপেক্ষা কৰি আছিল, সেই সময়তে তেওঁৰ ওপৰত আক্ৰমণ চলায়।
Photo: