নিউজ ডেস্কঃ জনপ্ৰিয় মেছেজিং এপ্লিকেচন সেৱা হোৱাটছএপে ভাৰতত আৰম্ভ কৰিছে হোৱাটছএপৰ পে’মেণ্ট সেৱা৷ বৃহস্পতিবাৰৰ সন্ধিয়া নেচনেল পে’মেণ্টছ কৰ্প’ৰেচন অব্ ইণ্ডিয়াৰ পৰা অনুমতি লাভ কৰাৰ পিছত হোৱাটছপএপে আৰম্ভ কৰিছে এই পে’মেণ্ট সেৱা৷ হোৱাটছএপৰ স্বত্বাধিকাৰী প্ৰতিষ্ঠান ফে’চবুকৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে এই পে’মেণ্ট সেৱাৰ বাবে গ্ৰাহকৰ পৰা কোনো ধৰণৰ মাচুল লোৱা নহয় বুলি প্ৰকাশ কৰে৷