নিউজ ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনাই অসমকে ধৰি সমগ্ৰ ভাৰতৰ বিভিন্ন দল-সংগঠনে উচ্চতম ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ অন্তিমটো শুনানি অনুষ্ঠিত হৈছিল যোৱা ২২ জানুৱাৰীত। লকডাউনৰ সময়ছোৱাত ন্যায়ালয় বন্ধ আছিল যদিও আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি বিভিন্ন গোচৰৰ শুনানিসমূহ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰি আছে। কিন্তু সাংবিধানিক প্ৰশ্ন জড়িত হৈ থকা নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনাই জমা কৰা লেখ আবেদনসমূহক শুনানিৰ কাৰণে গ্ৰহণ কৰা নাই সৰ্বোচ্চ ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত পৰৱৰ্তী শুনানিৰ তাৰিখ নৱেম্বৰ ২ বুলি উল্লেখ আছে। নৱেম্বৰৰ ২ তাৰিখে শুনানি অনুষ্ঠিত হ’লে প্ৰায় ১১ মহীয়া এই পৰিক্ৰমাত এইটো কাৰ্যতঃ দ্বিতীয়টো শুনানি হ’ব।
উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়েও নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুত কৰি সংসদীয় কমিটীক দাখিল কৰাৰ দিশত অগ্ৰসৰ হৈছে। সংসদীয় কমিটীয়ে মোহৰ মৰাৰ পিছতে আইনখনৰ সুবিধা আদায় কৰিব পাৰিব চুবুৰীয়া দেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা হিন্দু তথা আন সংখ্যালঘু সম্প্ৰদায়ৰ লোকে।