‘স্বামী-স্ত্ৰী আৰু তেওঁ’ৰ এনে এক ঘটনা যিটো ঘটনাৰ বিষয়ে সকলো অজ্ঞাত আছিল।
কোনোৱে ধৰিব পৰা নাছিল যে বন্ধ কোঠাৰ ভিতৰত সেই বদনামী সম্বন্ধ যাক সমাজে অবৈধ বুলি কয়।
এবছৰ ধৰি সেই অবৈধ সম্বন্ধৰ কাহিনীক এইদৰে বন্ধ কোঠাৰ ভিতৰত চলাই আছিল।
তাৰ পিছত যি হ’ল সেয়া হয়টো কোনোৱে ভৱা নাছিল।
প্ৰতিদিনৰ দৰে সেইদিনাও চন্দোলী আৰক্ষী নিজৰ কামত ব্যস্ত হৈ আছিল।
সেই সময়তে এজন লোক আৰক্ষীৰ ওচৰত অসুস্থ অৱস্থাত উপস্থিত হয়।
আৰক্ষীয়ে সোধাত লোকজনে ক’লে যে তেওঁৰ ভাতৃ অৰুণ বিগত কেইবাদিনো ধৰি অন্তৰ্ধান হৈ আছে।
তাৰ কোনো সন্ধান পোৱা নায়। ঘটনাটো যথেষ্ট ৰহস্যময় আছিল আৰু যেতিয়া আৰক্ষীয়ে এই ঘটনাটোৰ বিষয়ে তদন্ত কৰিবলৈ আৰম্ভ কৰে তেতিয়া এটাৰ পিছত আনটো হতচকিত কৰা খবৰ পোহৰলৈ আহে।
চন্দোলীৰ বাসিন্দা অৰুণ শৰ্মা পেছাত এজন ঔষধ বিক্ৰেতা আছিল…তেওঁৰ চন্দোলীত হোমিঅ’পেথিক ঔষধৰ দোকান আছিল…চহৰত তেওঁ এনে এজন লোক হিচাপে পৰিচিত আছিল যে যিয়ে সহায়ৰ বাবে সদায়ে প্ৰস্তুত হৈ আছিল…কিন্তু তেওঁ যিধৰণে অন্তৰ্ধান হ’ল তাৰ বাবে ওচৰ-চুবুৰীয়াৰ লোকো যথেষ্ট আচৰিত হৈ উঠিছিল…ঘটনাটোৰ বিষয়ে সৱিশেষ জানিবলৈ আৰক্ষীয়ে ওচৰ-চুবুৰীয়াৰ লোকক সোধা-পোছা কৰে আৰু পিছত সেইসকল লোকে এই কথাটোয়ে কয় যে অৰুণৰ পত্নী প্ৰিয়ংকাৰ সৈতে ভাল সম্বন্ধ নাছিল।
এতিয়া সন্দেহৰ আৱৰ্তত আছিল পত্নী প্ৰিয়ংকা আৰু যেতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে তেতিয়া পোহৰলৈ আহে প্ৰিয়ংকাৰ গোপন সম্বন্ধৰ সেই কাহিনী, যি কাহিনীয়ে সমগ্ৰ চহৰখনতেই চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰে…আৰক্ষীয়ে জানিব পালে যে বিগত এবছৰ ধৰি প্ৰিয়ংকাই নিজৰ স্বামী অৰুণৰ দোকানত কৰ্মৰত এজন কৰ্মচাৰী ৰোহিতৰ সৈতে সম্বন্ধ চলাই আছিল…মহিলাগৰাকীয়ে অৰুণক বিশ্বাসঘাটক কৰি ৰোহিতৰ সৈতে গোপন প্ৰেম আগবঢ়াই নিছিল…পিছত আৰক্ষীয়ে প্ৰিয়ংকাৰ সৈতেই তাইৰ প্ৰেমিক ৰোহিতক সোধা-পোছা কৰিবলৈ থানালৈ মাতি পঠিয়ায়।
প্ৰিয়ংকাই প্ৰথমতে আৰক্ষীৰ ওচৰত একো নজনাৰ নাটক কৰিবলৈ আৰম্ভ কৰিছিল…কিন্তু কঠোৰভাৱে প্ৰশ্ন সোধাত তাই স্বামী অৰুণৰ অন্তৰ্ধান হোৱাৰ সকলো কথা কৈ দিয়ে…প্ৰিয়ংকাই আৰক্ষীক ক’লে যে অৰুণৰ সৈতে বিয়া কৰোৱাৰ পিছতে তাইৰ সুখত গ্ৰহণ লাগিছিল…অৰুণে সৰু সৰু কথাতে তাইৰ সৈতে কাজিয়া কৰিছিল…আৰু এই কথাটোৱে তেওঁলোকৰ সম্বন্ধত ফাট মেলি দিছিল…ইমান বেয়াকৈ সম্বন্ধত ফাট মেলিছিল যে প্ৰিয়ংকা বিশ্বাসঘাটক হৈ পৰিছিল…তাই স্বামী অৰুণৰ সৈতে প্ৰতাৰণা কৰি স্বামীৰ দোকানত কৰ্মৰত ৰোহিতৰ সৈতে কৰিছিল প্ৰেমৰ সম্পৰ্ক…অৰুণ পত্নীৰ এই বিশ্বাসঘাটকতাৰ কথা একো উমানে পোৱা নাছিল…আৰু প্ৰিয়ংকা ৰোহিতৰ প্ৰেমত হাবুডুবু খাইছিল
প্ৰিয়ংকাই আৰক্ষীক জনাইছিল যে তাই ৰোহিতৰ প্ৰেমত পৰি তাৰ সৈতে গোটেই জীৱন থাকিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে…আৰু যেতিয়া স্বামীয়ে এই সম্বন্ধৰ বিষয়ে উমান পাই তেতিয়া আহে এক ধুমুহা…স্বামীয়ে প্ৰথমে প্ৰিয়ংকাক ৰোহিতৰ পৰা আঁতৰত থাকিবলৈ কয়…আৰু যেতিয়া প্ৰিয়ংকাই এই কথা অনুসৰণ নকৰিলে তেতিয়া অৰুণে প্ৰিয়ংকাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আৰম্ভ কৰি দিয়ে।
প্ৰিয়ংকাই আৰক্ষীক জনালে যে স্বামীৰ তীক্ষ্ণ নজৰৰ পিছতো তাই প্ৰেমিক ৰোহিতক লগ কৰিবলৈ সুযোগ বিচাৰি আছিল। তাই কিবা-কিবি সুবিধা বুজি ৰোহিতক লগ ধৰিছিল…আৰু যেতিয়া ইয়াৰ বিষয়ে অৰুণে জানিবলৈ পাৰিলে তেতিয়া প্ৰিয়ংকাক ঘৰৰ পৰা ওলোৱা-সোমোৱা বন্ধ কৰি দিলে…প্ৰিয়ংকা এই কথাটোত যথেষ্ট ক্ষুব্ধ হৈ পৰিছিল…ইমানে খঙত আছিলে যে প্ৰেমিকসহ ৰোহিতৰ সৈতে মিলি স্বামী অৰুণক হত্যা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে…এদিন যেতিয়া অৰুণ দোকানৰ পৰা ঘৰলৈ উভতি আহি আছিল তেতিয়া তেওঁৰ আহাৰত বিষাক্ত দ্ৰব্য মিহলি কৰি দিয়ে…ঔষধৰ প্ৰভাৱত অৰুণ অচেতন হৈ পৰে…আৰু পিছত প্ৰিয়ংকাই নিজৰ প্ৰেমিক ৰোহিতৰ সৈতে মিলি নিজৰ স্বামীৰে হত্যা কৰে।
আৰক্ষীয়ে জনোৱা অনুসৰি নিজৰ স্বামী অৰুণক হত্যা কৰাৰ পিছত প্ৰিয়ংকাই তেওঁৰ মৃতদেহটো এখন কম্বলত বান্ধি থৈ দিয়ে আৰু পিছত প্ৰেমিকসহ মৃতদেহটো গংগা নদীত পেলাই দিয়ে…আৰক্ষীয়ে জনোৱা অনুসৰি এই হত্যাকাণ্ডত প্ৰিয়ংকা আৰু তেওঁৰ প্ৰেমিকসহ ভোলা নামৰ এজন লোকো জড়িত হৈ আছিল…বৰ্তমান আৰক্ষীয়ে ভোলাক বিচাৰি অভিযান অব্যাহত ৰাখিছে…আৰক্ষীয়ে মৃত অৰুণৰ দেহ বিচাৰি অভিযান অব্যাহত ৰাখিছে…যাতে আদালতত বিশ্বাসঘাটক পত্নীৰ উচিত প্ৰমাণ পাব পাৰে।
Photo: Google