শুকুৰবাৰে সন্ধিয়া হাৰিয়ানাৰ ৰোহতকৰ এখন ব্যক্তিগত কলেজৰ সমীপত আয়োজিত হয় মল্লযুঁজ।
সেই মল্লযুঁজৰ মাজতেই সংঘটিত হয় এক গুলীচালনাৰ ঘটনা। এই ঘটনাৰ পিছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
এই গুলীচালনা ঘটনাটোত ৫জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আহত হয় দুজনকৈ লোক।
প্ৰথম অৱস্থাত এই ঘটনাটোত ৩জন লোকে প্ৰাণ হেৰুৱাইছিল বুলি জনাইছিল আৰক্ষী অধীক্ষক ৰাহুল শৰ্মাই।
মৃত্যু হোৱা লোকৰ ভিতৰত এজন মল্লযুঁজৰ প্ৰশিক্ষক আৰু আঘাতপ্ৰাপ্তৰ ভিতৰত এটি তিনিবছৰীয়া শিশুও আছে। বৰ্তমানলৈ জানিব পৰা হোৱা নাই গুলীচালনাৰ প্ৰকৃত কাৰণ।
Photo: Google