মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক লগ কৰি মুক্ৰ’ কাণ্ড সন্দৰ্ভত অৱগত কৰে। তেওঁ কয় যে, সীমান্তত গুলীচালনাৰ ঘটনাৰ তদন্তৰ বাবে অমিত শ্বাহে এটা কেন্দ্ৰীয় সংস্থাৰ তদন্ত কৰিবলৈ তেওঁৰ অনুৰোধ বিবেচনা কৰিব বুলি আশ্বাস দিয়ে। লগতে চাংমাই কয় যে, অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত তেওঁ গুলীচালনাত নিহতসকলৰ বাবে ন্যায় আৰু দায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। ইয়াৰ পিছতেই গৃহ মন্ত্ৰালয়ৰ প্ৰবক্তাই সামাজিক মাধ্যম টুইটাৰত এটা পোষ্ট কৰিছিল য’ত অমিত শ্বাহে মুক্ৰ’ ঘটনাৰ চিবিআই তদন্তৰ বাবে আশ্বাস দিয়ে, এই তদন্ত অসম চৰকাৰেও দাবী কৰিছিল।
টুইটটোত উল্লেখ আছে যে, ‘‘মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে আৰু অসম-মেঘালয় সীমান্তত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ চিবিআই তদন্তৰ বাবে অনুৰোধ কৰে। অসম চৰকাৰেও বিষয়টোৰ চিবিআই তদন্তৰ বাবে অনুৰোধ কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে আশ্বাস দিছে যে চৰকাৰে চিবিআইৰ দ্বাৰা তদন্ত কৰাব।”
Meghalaya CM @SangmaConrad met Union Home & Co-op Minister @AmitShah today and requested CBI enquiry into unfortunate incident on Assam- Meghalaya border. Govt of Assam has also requested CBI enquiry into the matter. HM @AmitShah has assured that GOI will conduct CBI enquiry. pic.twitter.com/Bjgq2iBMb9
— Spokesperson, Ministry of Home Affairs (@PIBHomeAffairs) November 24, 2022
ইয়াৰ পূৰ্বে, মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমাই কৈছিল যে অসম আৰক্ষীয়ে মেঘালয়ৰ পশ্চিম জয়ন্তিয়া পাহাৰৰ মুক্ৰ’ গাঁৱত “নিৰীহ লোক”ৰ ওপৰত গুলীচালনা কৰিছিল। মঙলবাৰে পুৱতি নিশা অসম বনকৰ্মীয়ে অবৈধভাৱে কটা কাঠভৰ্তি এখন ট্ৰাক ৰখাই দিয়াৰ পিছত অসম-মেঘালয় সীমান্তত হিংসাত্মক ঘটনা সংঘটিত হৈছিল, যাৰ ফলত এজন বনৰক্ষীসহ ছয়জন লোক নিহত হৈছিল।
চাংমাই কৈছিল যে তেওঁ দুয়োখন ৰাজ্যৰ মাজত যোগাযোগ আৰু বিশ্বাস উন্নত কৰাৰ বাবে অসমৰ সৈতে সীমান্ত বিবাদত হস্তক্ষেপ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিছিল। তেওঁ কয়,”গৃহমন্ত্ৰী অমিত শ্বাহে আশ্বাস দিছে যে তেওঁ আজিও সীমান্তত হোৱা গুলীচালনাৰ তদন্তৰ বাবে আমাৰ অনুৰোধৰ ওপৰত পদক্ষেপ ল’ব।”