যদিহে আপুনি উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দা আৰু ভাৰতৰ মূলসুঁতি যেনে দিল্লী, মুম্বাই আদি ঠাইত অধ্যয়ন কৰি আছে তেন্তে হয়তো প্ৰায়েই স্থানীয় বাসিন্দাৰ কৌতুহল অথবা ইতিকিঙৰ মুখামুখি হ’বলগীয়া হৈ আহিছে৷
-আপোনাৰ ঘৰ ক’ত?
-অসমত৷
-তাতে জীপ চলেনে? অন্য গাড়ী চলেনে?
এনে ধৰণৰ প্ৰায়েই বিভিন্ন প্ৰশ্নৰ হয়তো সন্মুখীন হ’বলগীয়া হৈছে৷
ইয়াৰ কাৰণ হ’ল উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বিষয়ে দেশৰ অন্য প্ৰান্তৰ লোকৰ জ্ঞানৰ অভাৱ৷
এই অভিযোগ দাখিল কৰিছে স্বয়ং অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে৷
উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন শিক্ষাৰ্থী সময়ে সময়ে অন্য ঠাইত হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ লগতে মৃ্ত্যুকো সাৱটি ল’বলগীয়া হোৱা ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷
এনে পৰিপ্ৰেক্ষিতত তেওঁ উত্তৰ পূবৰ ইতিহাস-সংস্কৃতিৰ বিষয়ে ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে৷
কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে পৃথক হোষ্টেল নিৰ্মাণ কৰিছে যদিও ই বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হে কৰিছে৷
পৃথক হোষ্টেলে শিক্ষাৰ্থীসকলক অন্য প্ৰান্তৰ শিক্ষাৰ্থীসকলৰ পৰা আঁতৰাইহে আনিব বুলি বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হৈছে৷
এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ আহ্বানত উত্তৰ পূবৰ অন্য ৰাজ্যকেইখনেও সঁহাৰি জনোৱাটো সময়ৰ দাবী হৈ পৰিছে৷
photo: google