নিউজ ডেস্কঃ দেশত ক’ৰোনা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে মহামাৰীবিধৰ বিৰুদ্ধে মোকাবিলাত জড়িত স্বাস্থ্য কৰ্মীসকলো ৰোগবিধত আক্ৰান্ত হৈছে৷
সন্মুখৰ শাৰীৰ এই যোদ্ধাসকলৰ সুৰক্ষাৰ বাবে পশ্চিমবংগ চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চৰকাৰে ক’ভিড-১৯ৰ ফলত মৃত্যুবৰণ কৰা ক’ভিড যোদ্ধাসকলকৰ পৰিয়ালক কৰ্ম সংস্থাপন দিয়াৰ কথা ঘোষণা কৰিছে৷
বুধবাৰে অনুষ্ঠিত এক সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে৷
সংবাদ মেলত তেওঁ ইয়াকো কয় যে ক’ভিড-১৯ত মৃত্যুমুখত পৰা যোদ্ধাসকলক সন্মানিত কৰাৰ লগতে পৰিয়ালৰ সদস্যক ১০ লাখ টকাৰ এককালীন আৰ্থিক সাহায্যও প্ৰদান কৰা হ’ব৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট