• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটীৰ কলাক্ষেত্ৰত আৰম্ভ হ’ল মোমেণ্টাম নৰ্থইষ্ট ২০২৩

নিউজ ডেস্ক by নিউজ ডেস্ক
January 21, 2023
in উত্তৰ পূৰ্বাঞ্চল, অসম
1 min read
0
অসম আৰু নাগালেণ্ডৰ ৰাজ্যপালে গুৱাহাটীত উদ্বোধন কৰে PHDCCIৰ দ্বিতীয় সংস্কৰণ মোমেন্টাম নৰ্থইষ্ট
Share on FacebookShare on Twitter

অসমৰ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে শুক্ৰবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিগত ৮ বছৰৰ সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণ তথা আজাদী কা অমৃত মহোৎসৱৰ ওপৰত গুৱাহাটীৰ চেণ্ট্ৰেল ব্যুৰ’ অব্ক মিউনিকেচনৰ দ্বাৰা আয়োজিত এক তিনিদিনীয়া চিত্ৰ প্ৰদৰ্শনী উদ্বোধন কৰে।
ৰাজ্যপালে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা চিত্ৰ প্ৰদৰ্শনীখন পিএইচডি চেম্বাৰ অব্ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ দ্বাৰা আয়োজিত মোমেন্টাম নৰ্থ ইষ্ট ২০২৩-ৰ অংশ হিচাপে আয়োজন কৰা হৈছে ।
উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰফেচৰ মুখীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতৰ উত্তৰ-পূবৰ বাবে নিৰ্ধাৰণ কৰা’এক্ট ইষ্ট এণ্ড এক্ট ফাষ্ট’ৰ লক্ষ্য সন্দৰ্ভত আলোকপাত কৰে। “২০১৪ চনৰ পৰা দূৰদৰ্শী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ গতিশীল নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলত অভূতপূৰ্ব পৰিৱৰ্তন দেখা গৈছে। মোদীজীৰ লক্ষ্য হৈছে ভাৰতৰ উত্তৰ-পূবৰ বাবে এক্ট ইষ্ট আৰু এক্ট ফাষ্টনীতি প্ৰণয়ন কৰা, তেওঁ এই অঞ্চলটোক এক নতুন আশা, শক্তি আৰু সামৰ্থ প্ৰদান কৰিছে,” তেওঁ কয়। তেওঁ লগতে কয় যে ই সংযোগ, আন্তঃগাঁথনি, অৰ্থনীতি আৰু অন্যান্য খণ্ডৰ ক্ষেত্ৰত অঞ্চলটোৰ উন্নয়নত এক দৃষ্টান্তমূলক পৰিৱৰ্তন সাধন কৰিছে।
এক্ট ইষ্ট পলিচীৰ কথা উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে এই বুলি মত প্ৰকাশ কৰে যে এই নীতিৰ উদ্দেশ্য হৈছে দ্বিপাক্ষিক, আঞ্চলিক আৰু বহুপাক্ষিক পৰ্যায়ত নিৰন্তৰ সম্পৰ্কৰ জৰিয়তে অৰ্থনৈতিক সহযোগিতা, সাংস্কৃতিক সম্পৰ্ক বৃদ্ধি কৰা আৰু আছিয়ানৰ সৈতে ভাৰতৰ এক কৌশলগত সম্পৰ্ক গঢ়ি তোলা।
“আজাদী কা অমৃত মহোৎসৱৰ পৰা আমি এতিয়া অমৃত কালৰ দিশত আগবাঢ়িছো। অহা ২৫ বছৰত, যেতিয়া আমি আমাৰ স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিম, মই নিশ্চিত যে উত্তৰ-পূৰ্বাঞ্চলে সেই সময়ত এক সামগ্ৰিক উন্নয়নৰ যাত্ৰাত অধিক গতি লাভ কৰিব। ভৌতিক আৰু ডিজিটেল সংযোগ, উন্নত শিক্ষা আৰু স্বাস্থ্য আন্তঃগাঁথনি, বৰ্ধিত ব্যৱসায় আৰু বাণিজ্য, আৰু বৰ্ধিত অৰ্থনীতিৰ একত্ৰীকৰণৰ সৈতে মোমেণ্টাম নৰ্থইষ্ট ২০২৩ সন্মিলন হৈছে সেই দিশত এক কৌশলগত প্ৰচেষ্টা। উত্তৰ-পূব নিশ্চিত ভাৱে সমগ্ৰ দেশৰ বাবে বিকাশৰ এক ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিব,” চাহ, তেল, পৰ্যটন আৰু অন্যান্য খণ্ডত অসমৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি প্ৰফেচৰ মুখীয়ে এইদৰে কয়।

ৰাজ্যপালগৰাকীয়ে পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত মোমেণ্টাম নৰ্থইষ্ট ২০২৩ত গুৱাহাটীৰ চিবিচি-য়ে আয়োজন কৰা বিগত আঠবছৰৰ সেৱা, সুশাসন, দৰিদ্ৰ কল্যাণ তথা আজাদী কা অমৃত মহোৎসৱৰ এক চিত্ৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰে। তিনিদিনীয়া চিত্ৰ প্ৰদৰ্শনীত চৰকাৰৰ বিগত আঠ বছৰৰ উন্নয়নমূলক আঁচনি আৰু সাফল্যৰ ওপৰত আলোকচিত্ৰৰ পেনেল প্ৰদৰ্শন কৰা হৈছে। অসমৰ স্বাধীনতা সংগ্ৰামীসকলৰ জীৱন-কাহিনী প্ৰদৰ্শনীখনৰ আন এক বিশেষ উল্লেখযোগ্য বিষয় হিচাপে বিবেচিত হৈছে। চিবিচি-য়ে মোমেণ্টাম নৰ্থইষ্ট ২০২৩-ত স্থাপন কৰা বিপণীত কেইবাটাও কাৰ্যসূচী যেনে নৃত্য, নাটক, কুইজ, আকস্মিক বক্তৃতাৰ আয়োজন কৰিব। অনুষ্ঠানটোত চিবিচি গুৱাহাটীৰ সাংস্কৃতিক দলসমূহেও বিভিন্ন প্ৰদৰ্শন আগবঢ়াব।
প্ৰদৰ্শনীখন ২০ জানুৱাৰীৰ পৰা ২২জানুৱাৰী তাৰিখলৈ কলাক্ষেত্ৰত মোমেণ্টাম নৰ্থইষ্ট ২০২৩ অনুষ্ঠানত ৰাইজৰ বাবে বিনামূলীয়াকৈ মুকলি থাকিব। উদ্বোধনী অনুষ্ঠানতটোত গুৱাহাটীত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিন, ৰয়েল ভূটানীজ কনচুলেট জেনেৰেল জিগমেথিনলে’ নামগেইল, অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব লক্ষ্মণন, আইএএছ, পিএইচডি চেম্বাৰ অব্ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজৰ সাধাৰণ সচিব কৰ্ণেল সৌৰভ স্যানাল, পিএইচডি চেম্বাৰ অব্ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজৰ অতিৰিক্ত সাধাৰণ সচিব ড০ জ্ঞানীন্দৰকে ধৰি বহুতো ব্যৱসায়ী, উদ্যোগী আৰু অন্যান্য বিশিষ্ট অতিথিসকল উপস্থিত আছিল।

Previous Post

অসম আৰু নাগালেণ্ডৰ ৰাজ্যপালে গুৱাহাটীত উদ্বোধন কৰে PHDCCIৰ দ্বিতীয় সংস্কৰণ মোমেন্টাম নৰ্থইষ্ট

Next Post

PHDCCI মোমেন্টাম নৰ্থইষ্ট ২০২৩-ৰ দ্বিতীয় দিনটোত উত্তৰ-পূব অঞ্চলৰ বিকাশ আৰু প্ৰযুক্তিগত জীৱিকা সৃষ্টিৰ বাবে আত্মনিৰ্ভৰ এফপিঅ’ গুৰুত্ব

Related Posts

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
পশ্চিম গুৱাহাটীৰ দুৰ্গম পাহাৰীয়া অঞ্চলত পোষণ সজাগতা কার্যসূচী
সংবাদ

পশ্চিম গুৱাহাটীৰ দুৰ্গম পাহাৰীয়া অঞ্চলত পোষণ সজাগতা কার্যসূচী

October 2, 2023
Next Post
PHDCCI মোমেন্টাম নৰ্থইষ্ট ২০২৩-ৰ দ্বিতীয় দিনটোত উত্তৰ-পূব অঞ্চলৰ বিকাশ আৰু প্ৰযুক্তিগত জীৱিকা সৃষ্টিৰ বাবে আত্মনিৰ্ভৰ এফপিঅ’ গুৰুত্ব

PHDCCI মোমেন্টাম নৰ্থইষ্ট ২০২৩-ৰ দ্বিতীয় দিনটোত উত্তৰ-পূব অঞ্চলৰ বিকাশ আৰু প্ৰযুক্তিগত জীৱিকা সৃষ্টিৰ বাবে আত্মনিৰ্ভৰ এফপিঅ' গুৰুত্ব

ভ্ৰাম্যমাণৰ জনপ্ৰিয় অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান

ভ্ৰাম্যমাণৰ জনপ্ৰিয় অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান

নিশা ২ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন শ্বাহৰুখ খানৰ

নিশা ২ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন শ্বাহৰুখ খানৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8