ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা প্রবল বিৰোধীতা কৰি আহিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অন্যতম ট্ৰেড ইউনিয়ন “এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নে। সমান্তৰালভাবে ইউনিয়নে নতুন পেঞ্চন নীতি বাতিল কৰি পুনৰ পূৰ্বৰ দৰে পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত বিগত দিনকেইটাত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। শেহতীয়াকৈ ভাৰতীয় ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন “নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেন” চমুকৈ NFIR এ অহা ১০ আগষ্টত নতুন দিল্লীত সংসদ ভৱন ঘেৰাও কৰাৰ এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। যত সমগ্র দেশৰে এক লাখৰো অধিক ৰেলৱে শ্ৰমিক – কৰ্মচাৰীয়ে ভাগ লব। ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে নতুন দিল্লীৰ সংসদ ভৱন কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰাৰ বাবে ১৪ জুলাইৰ সন্ধিয়া পাণ্ডুৰ শ্ৰমিক সদনত ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ এখন জৰুৰী সভা অনুষ্ঠিত হয়।
ইউনিয়নৰ কাৰ্যকৰী সভাপতি এম এছ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভাগ লৈ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই কেন্দ্ৰীয় চৰকাৰে নতুন পেঞ্চন নীতি বাতিল কৰি পুনৰ পুৰণি পেঞ্চন নীতি বাহাল নকৰা পৰ্যন্ত ইউনিয়নে ক্ষান্ত নহয় আৰু ইয়াৰ বিৰুদ্ধে আগন্তুক দিনতো প্ৰতিবাদী কাৰ্যসূচী বাহাল ৰাখিব বুলি ঘোষণা কৰে। তেনেদৰে অহা ১০ আগষ্টত NFIRৰ আহ্বান মৰ্মে নতুন দিল্লীত অনুষ্ঠিত হবলগীয়া সংসদ ভৱন ঘেৰাও কাৰ্যসূচীত এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ ৫ টা সংমণ্ডল আৰু ৫৫ টা শাখাৰ পৰা প্ৰায় দহ হাজাৰ শ্ৰমিক – কৰ্মচাৰীয়ে নিজাববীয়াকৈ ছুটি লৈ নিজৰ খৰচৰে ভাগ লব বুলি শইকীয়াই সদৰি কৰে। সভাত ইউনিয়নৰ যুটীয়া সাধাৰণ সম্পাদকত্ৰয় দিগন্ত বৰুৱা প্ৰকাশ বৰ্মন আৰু দেবাশীস মুখাৰ্জীকে ধৰি কেবাজনো কৰ্মকৰ্তাই চৰকাৰখনৰ জনবিৰোধী কাৰ্যকলাপৰ তীব্ৰ বিৰোধীতা কৰে আৰু পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ বাবে দাবী জনায়।