নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ সমান্তৰালকৈ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত ৮ৰ পৰা ১০ ছেপ্টেম্বৰ ২০২৩ তাৰিখলৈ এখন ‘কাৰু শিল্পবজাৰ’ (প্ৰদৰ্শনী-তথা-বিক্ৰী) স্থাপনৰ ব্যৱস্থা কৰা হৈছে।এই কাৰু শিল্পবজাৰত‘ এক জিলা এক সামগ্ৰী’ (অ’ডিঅ’পি), জি আই টেগ কৰা সামগ্ৰী আৰু মহিলা আৰু জনজাতীয় শিল্পীসকলে প্ৰস্তুত কৰা সামগ্ৰীৰ ওপৰত বিশেষ গুৰুত্ব দি ভাৰতৰ বিভিন্ন প্ৰান্তৰ হস্তশিল্প সামগ্ৰী প্ৰদৰ্শন কৰা হ’ব। সন্মিলনত অংশগ্ৰহণ কৰা প্ৰতিনিধি, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে এইকাৰু শিল্প বজাৰ পৰিদৰ্শন কৰাৰ লগতে স্থানীয় উৎসৰ সামগ্ৰী ক্ৰয় কৰাৰ সুযোগ পাব। বস্ত্ৰমন্ত্ৰালয় আৰু ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ চৰকাৰ সমূহৰ সহযোগিতাৰে ‘জি-২০ সচিবালয়ে’ প্ৰদৰ্শনীখনৰ আয়োজন কৰিছে।প্ৰায় ৩০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত সংস্থাৰ লগতে‘ খাদী গ্ৰামোদ্যোগ আয়োগ’, ‘ট্ৰাইফেড’, ‘সৰস অজীৱিকা’ৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহে কাৰুশিল্প বজাৰত অংশগ্ৰহণ কৰিব।উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ব্যতিক্ৰমী হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰাৰ বাবে ‘উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম’ (এনইএইচএইচডিচি)ৰ সমন্বয়ৰে এখন’ ফোকাচ নৰ্থ ইষ্ট’ শীৰ্ষক বিপনী স্থাপন কৰা হৈছে।
ইয়াত অসম, মণিপুৰ, মেঘালয় আৰু নাগালেণ্ডৰ সামগ্ৰী প্ৰদৰ্শন কৰা হ’ব। অসমৰ পৰা হস্ততাঁত বয়ন: হস্ত তাঁত শিল্পৰ বাবে, বিশেষকৈ স্থানীয় শিপিনীসকলে প্ৰাকৃতিক আঁহৰে প্ৰস্তুত কৰা সুতাৰে বোৱা বস্ত্ৰৰ বাবে প্ৰসিদ্ধ ৰাজ্য হৈছে অসম।সূতা কটাৰ পৰা আৰম্ভ কৰি কাপোৰ বোৱালৈকে সমগ্ৰ প্ৰক্ৰিয়াটোৱেই পৰম্পৰাগত কাঠৰ তাঁতশাল ব্যৱহাৰ কৰি হাতেৰে কৰা হয়।মুগা, এড়ি, পাট আৰু কপাহী সুতাৰে বোৱা বস্ত্ৰই এই অঞ্চলক জনপ্ৰিয়তা প্ৰদান কৰি আহিছে। অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদানসমূহৰ ভিতৰত অন্যতম হৈছে মুগাৰ বস্ত্ৰশিল্প। ই এক অনন্য আৰু সোণালী ৰঙৰ ৰেচম, যি হৈছে অসমৰ এক আপুৰুগীয়া সম্পদ। অসমৰ হস্ততাঁত বয়ন শিল্পৰ পৰম্পৰা ব্যৱহাৰ কৰি মেখেলা চাদৰ, শাৰী, শ্বল, ষ্টল, ঘৰুৱা লিনেন আৰু একচেটিয়া আনুষঙ্গিক বস্ত্ৰৰ দৰে বিভিন্ন উৎকৃষ্ট সামগ্ৰী প্ৰস্তুত কৰা হয়।
নাগালেণ্ডৰ ‘লইনলুম উইভিং’: পৃথিৱীৰ আটাইতকৈ পুৰণি বয়ন পদ্ধতিসমূহৰ অন্যতম এই বিধ বয়ন পদ্ধতিক‘ বেকষ্ট্ৰেপ তাঁত’ বা নাগালেণ্ডৰ ‘লইন তাঁত’ বুলিও জনা যায়। বয়ন হৈছে নাগালেণ্ডৰ মহিলাসকলৰ বিশেষজ্ঞ ক্ষেত্ৰ। ৰাজ্যখনৰ প্ৰতিটো জনজাতিয়ে তেওঁলোকৰ শ্বল, জেকেট আৰু ‘চাৰোঙ’সমূহৰ ওপৰত কৰা নিৰ্দিষ্ট আৰ্হিক লৈ গৌৰৱ কৰে। নাটকীয় ৰঙৰ সংমিশ্ৰণ, সুস্পষ্ট চিত্ৰ, আৰু সাধাৰণ অথচ আকৰ্ষণীয় জ্যামিতিক নক্সাই ‘লইনলুম’ বয়নশিল্পক বিশেষ পৰিচিতি প্ৰদান কৰে। ‘লইনতাঁত’ৰ কাপোৰৰ এক বিশেষ দঁহিযুক্ত গাঁথনি আছে আৰু ই দীৰ্ঘম্যাদী। ‘ল’ইনতাঁত বয়ন’ ৰবেছিভাগ আৰ্হি জ্যামিতিক। অৱশ্যে এই ক্ষেত্ৰত ব্যতিক্ৰম হয় আও জনজাতিৰ যোদ্ধাসকলৰ শ্বলসমূহ। এই শ্বলত বাঘ, বাইচন, পূৰণ চিনৰ আৰ্হিত ৰখা যুৰীয়া বৰ্শা আৰু কুকুৰাৰ হাতেৰে অংকিত ছবি সন্নিৱিষ্ট হয়।
মণিপুৰৰ কৌনা কাৰুশিল্প: ‘কৌনা’ হৈছে মণিপুৰত উপলব্ধ এবিধ কোমল, দলিচা সদৃশ অনন্য ঘাঁহ। এইবিধ ঘাঁহৰ বিশেষত্ব হৈছে যে একাধিক সামগ্ৰীত ইয়াক ব’ব পাৰি। ‘কৌনা’ পানী-প্ৰতিৰোধী।মণিপুৰৰ লোকসকলে ইয়াক শতিকা ধৰিম জিয়াৰ ‘মেট’ আৰু‘ কুশ্বন’ আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰি আহিছে। ইয়াৰে ‘বাস্কেট’ আদিও প্ৰস্তুত কৰি আহিছে মণিপুৰীসকলে। ‘কৌনা’ৰে তৈয়াৰ কৰা সামগ্ৰীবোৰৰ আৰ্হি সৰল আৰু সাধাৰণ যদিও ই স্থানীয় সমাজৰ ঐতিহ্যৰ অংশ হৈ আহিছে।
মেঘালয়ৰ বেত আৰু বাঁহৰ কাৰুশিল্প: ভাৰতৰ মেঘালয় ৰাজ্য বাঁহ আৰু বেতৰ সম্পদেৰে সমৃদ্ধ আৰু নিৰ্মাণ আৰু দৈনন্দিন সামগ্ৰীৰ বাবে এই সামগ্ৰীবোৰ ব্যৱহাৰ কৰাৰই তিহাসৰে গৌৰৱান্বিত।মেঘালয়ত তিনিটা মুখ্য জনজাতীয় সম্প্ৰদায় আছে, সেয়া হৈছে- খাচী, গাৰো আৰু জয়ন্তীয়া।সম্প্ৰদায়কেইটাৰ এই সমূহ প্ৰাকৃতিক সামগ্ৰীসমূহৰে নিখুতকৈ কাম কৰাৰ বিশেষ দক্ষতা আছে।এওঁলোকে কিছুমান জটিল বয়ন আৰু কুণ্ডলী কৌশল বিকশিত কৰিছে। ৰাজ্যখনৰ স্থানীয় অৰ্থনীতিত বেত আৰু বাঁহৰ কাৰুশিল্পই এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। শিল্পীসকলে দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী প্ৰস্তুত কৰাৰ লগতে ধুনীয়া ধুনীয়া আলংকাৰিক সামগ্ৰীও তৈয়াৰ কৰে।
উল্লিখিত ৰাজ্যকেইখনৰ উপৰিও সমগ্ৰ দেশৰ আন ৩০টা প্ৰকাৰৰ কাৰুশিল্প সামগ্ৰীও এই কাৰু শিল্প বজাৰত প্ৰদৰ্শনৰ দিহা কৰা হ’ব।