নিউজ ডেস্কঃ ২৩ বছৰীয়া পুৰণি বিবদমান বিষয়ৰ চূড়ান্ত নিষ্পত্তিৰ বাবে আজি কেন্দ্ৰীয় চৰকাৰ তথা নেচনেলিষ্ট ছ’চিয়েল কাউন্সিল অব নাগালেণ্ড-ইছাক মুইভা (এনএছচিএন-আইএম)ৰ মাজত এক বৈঠক অনুষ্ঠিত হ’ব৷ চূড়ান্ত শান্তি চুক্তি ১৫ আগষ্ট তাৰিখে স্বাক্ষৰিত কৰা হ’ব৷
এই বৈঠকত এনএছচিএন-আইএম আৰু অৰুণাচল প্ৰদেশ, অসম, মণিপুৰৰ প্ৰতিনিধিসকলো উপস্থিত থাকিব৷ আজিৰ বৈঠকখনৰ পৰা উক্ত সমস্যাৰ এক চূড়ান্ত সমাধান ওলাব বুলি আশা প্ৰকাশ কৰা হৈছে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট