অৰুণাচল প্রদেশৰ ৰাজ্যপাল ড. বি. ডি. মিশ্রা আৰু মুখ্যমন্ত্রী পেমা খাণ্ডু-এ মৃত ব্যক্তিৰ অংগ-দান সন্দর্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লয়। শেহতীয়াকৈ ‘জুবলি ফাউণ্ডেচন’ৰ অধীক্ষক অমিতাভ গোহাঁই আৰু মুখ্য কার্যবাহী বিষয়া প্রিয়ংকা বৰাক ইটানগৰস্থিত ৰাজভৱনলৈ আমন্ত্রণ জনায়।
২০১৩ চনৰ পৰাই বিস্তৃতৰূপত অংগ-দানৰ দৰে মহান কার্যৰ সৈতে জড়িত ‘জুবলি ফাউণ্ডেচন’ৰ ৰাজ্যপাল-এ যথেষ্ট শলাগ লয়। ৰাজ্যপালগৰাকীয়ে নিজ ৰাজ্যৰ প্রতিগৰাকী ব্যক্তিকে এই দিশত সজাগ কৰাৰ ইচ্ছা প্রকাশ কৰে। তেওঁ কয়, ‘নিজৰ জীৱনত অংগ দানৰ নিচিনা প্রয়োজনীয় কার্য সন্দর্ভত ৰাজ্যৰ প্রতিগৰাকী ব্যক্তিকে সজাগ কৰাটো অত্যন্ত জৰুৰী।’
আলোচনাৰ পূর্বতে, মুখ্য কার্যবাহী বষয়া প্রিয়ংকা বৰাই ৰাজ-ভৱনৰ বিষয়াসকলক অংগ দানৰ প্রয়োজনীয়তা সন্দর্ভত বিৱৰি কয়। তেওঁ কয় যে, অংগ বিকল হৈ মৃত্যুবৰণ কৰা ব্যক্তিক এক নতুন জীৱন প্রদানৰ সর্বোত্তম উপায় হৈছে অংগ দান। তেওঁ লগতে কয়, মানুহে নিজৰ শৰীৰৰ অংগ যেনে বৃক্ক, হাওঁফাওঁ, কলিজা, যকৃত, অগ্নাশয়, ছালৰ কোষ, হাড়ৰ কোষ ইত্যাদি দান কৰিব পাৰে। ইটানগৰৰ ৰাজ ভৱনত অনুষ্ঠিত উক্ত আলোচনা-চক্রত মাননীয় মুখ্যমন্ত্রীগৰাকীয়ে আশ্বাস প্রদান কৰে যে অৰুনাচল-প্রদেশে শীঘ্রেই নিজ ৰাজ্যত অংগ দান কার্যসূচীৰ শুভাৰম্ভ কৰিব।