ক’ভিড সংক্ৰমণ ৰোধৰ বাবে মণিপুৰ চৰকাৰে ৩১ ডিচেম্বৰলৈ নিশাৰ সময়ত কাৰ্ফিউ ঘোষণা কৰিছে। চৰকাৰৰ নিৰ্দেশমৰ্মে সন্ধিয়া ৬ বজাৰ পৰা ৰাতিপুৱা ৪ বজালৈ মণিপুৰত কাৰ্ফিউ থাকিব। শুক্ৰবাৰে এক নিৰ্দেশ যোগে মুখ্য সচিব ৰাজেশ কুমাৰে এইদৰে কয় যে নৈশ কাৰ্ফিউৰ সময়ত অত্যাৱশ্যকীয় সেৱা আৰু খাদ্য সামগ্ৰী পৰিবাহী ট্ৰাকৰ চলাচল অব্যাহত থাকিব। মুখ্য সচিবে জাৰি কৰা নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত ৩১ ডিচেম্বৰলৈ এই নৈশ কাৰ্ফিউ চলি থাকিব। উল্ল্যেখ যে নিৰ্দেশনাটোত হস্পিটেল, নাৰ্চিং হোম, ক্লিনিক আৰু ফাৰ্মাচীসমূহ নৈশ কাৰ্ফিউৰ সময়তো খোলা ৰাখিব পাৰিব বুলি উল্লেখ কৰিছে। আনহাতে বিভিন্ন ধৰণৰ অনুষ্ঠান-প্ৰতিষ্ঠান কেৱল মাত্ৰ পৰিয়ালৰ লোকৰ মাজতহে অনুষ্ঠিত কৰিব পাৰিব আৰু ২০ গৰাকী অতিথি বা ব্যক্তিৰ উপস্থিতিৰে অনুস্থিত কৰা নিৰ্দেশনা জাৰি কৰিছে।