নিউজ ডেস্কঃ অৰুণাচলৰ ডায়ুনত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এটা পোন্ধৰজনীয়া অস্ত্ৰধাৰী দলে অপহৰণ কৰিলে অইলৰ দুই বিষয়াক। ডায়ুনৰ খুমচাই খা অঞ্চলত কুই’প নামৰ এটা ব্যক্তিগত তৈল প্ৰতিষ্ঠানে অইলৰ তৈলখাদ খনন কাৰ্যত নিয়োজিত হৈ থকাৰ সময়তে প্ৰতিষ্ঠানটোৰ বিষয়া পি কে গগৈ ওৰফে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক অপহৰণ কৰি লৈ য়ায় সশস্ত্ৰ বাহিলী দলটোৱে৷
পি কে গগৈৰ ঘৰ শিৱসাগৰ জিলাত আৰু ৰাম কুমাৰৰ ঘৰ বিহাৰত। ইতিমধ্যে অৰুণাচল আৰক্ষীয়ে অস্ত্ৰধাৰী দলটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে কাইলৈ অৰুণাচল প্ৰদেশত পঞ্চায়ত নিৰ্বাচন৷ বিগত ২০১৯ বৰ্ষটো অপহৰণৰ ঘটনা সংঘটিত হৈছিল অৰুণাচল প্ৰদেশত।