আজি অৰুণাচল প্রদেশ ভ্ৰমণলৈ আহিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। দিনৰ প্ৰায় ১১.৩০ বজাত অমিত শ্বাহৰ প্রথমটো কাৰ্যসূচী হিচাপে অংশ ল’ব নৰোত্তম নগৰৰ ৰামকৃষ্ণ মিছনৰ সোণালী জয়ন্তীত।
পৰশুৰাম কুণ্ডত পৰশুৰামৰ ব্রঞ্জৰ মূৰ্তিৰ শিলান্যাসো কৰিব কেন্দ্রীয় গৃহমন্ত্রীজনে। পৰশুৰামৰ ব্রঞ্জৰ মূৰ্তিটোৰ উচ্চতা হ’ব ৫১ ফুট। লগতে তেওঁ অৰুণাচলৰ নামছাই জিলাত বিয়লি দলীয় নেতাৰে বৈঠকত মিলিত হ’ব।