আজাৰস্থিত কাহিকুছি গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত মঙ্গলবাৰৰ পৰা ১৬ জুনলৈকে গৃহ শ্ৰমিক সপ্তাহৰ শুভ উদ্বোধন কৰা হয়। এই উপলক্ষে উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে চুপেৰিয়ৰ, চি ডি আই চিষ্টাৰ এনিমা চাংমা, শ্ৰম নিৰীক্ষক, ছয়গাঁৱৰ পিংকী ধৰ, নিলাক্ষী দাস, কাহিকুচি গাওঁ পঞ্চায়তৰ সম্পাদক সুবোধ চন্দ্ৰ কলিতাকে ধৰি ৩৭ গৰাকী ঘৰুৱা কৰ্মী মহিলা উপস্থিত থাকে। চি ডি আইৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত সমূহ কৰ্মচাৰীৰ সহযোগত আঁতধৰে আৰবিনা নাচৰিণে। অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তি সকলক এখনি ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে দুগৰাকী ঘৰুৱা কৰ্মী মহিলাৰ সহযোগত বন্তি প্ৰজ্বলন কৰা হয়।
অনুষ্ঠানত চিস্তাৰ এনিমা চাংমাই এখন পত্ৰিকা উন্মোচন কৰি কাহিকুচি গাওঁ পঞ্চায়তলৈ উপহাৰ হিচাপে প্ৰদান কৰে। উপস্থিত বিশিষ্ট ব্যক্তিসকলে ভাষণ প্ৰদান কৰাৰ লগতে গৃহ কৰ্মী গোলাপী বেগম আৰু অনিমা দাসে নিজৰ জীৱন গাঁথা দাঙি ধৰে। চি ডি আইৰ তৰফৰ পৰা পৰাগজ্যোতি দাসে সংস্থাটোৰ কাৰ্যসমূহৰ এক চমু বিৱৰণ দাঙি ধৰে।শেষত জন গৌতম ৰাভাই সকলোলৈকে গৃহ শ্ৰমিক সপ্তাহৰ শুভেচ্ছা জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়াই।