মঙলবাৰে সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২২-২৩ বৰ্ষৰ বাজেট। কিন্তু অপ্ৰত্যাশিতভাৱে সীতাৰমণে এইবাৰৰ কেন্দ্ৰীয় বাজেটত ব্যক্তিগত আয়কৰৰ হাৰক লৈ কোনো পৰিৱৰ্তন নকৰিলে। বিত্তমন্ত্ৰীগৰাকীয়ে ব্যক্তিগত আয় কৰৰ বাবে নিৰ্ধাৰিত আয়ৰ উচ্চ সীমাও সলনি নকৰিলে।
বৰ্তমান আয়কৰ কৰ্তনৰ ন্যূনতম সীমা ২৫০,০০০ টকা। বিত্ত মন্ত্ৰীগৰাকীয়ে এইবাৰৰ বাজেটত ব্যক্তিগত আয়কৰ প্ৰদানৰ বাবে নিৰ্ধাৰিত আন আন আয়ৰ পৰিমাণ সমূহৰ ক্ষেত্ৰতো নকৰিলে কোনো সালসলনি। অৱশ্যে বিত্ত মন্ত্ৰালয়ে বাজেটত দুবছৰ পাছতো আপডেটেড আয়কৰ ৰিটাৰ্ণৰ আবেদন দাখিল কৰিব পাৰিব বুলি এক নতুন নিয়ম কৰাৰ কথা উল্লেখ কৰিছে।