আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ মাজত এক ভাৰ্চুৱেল সন্মিলন অনুষ্ঠিত হয়।
এই সন্মিলনত এক উচ্চাভিলাসী ‘ৰোডমেপ ২০৩০’ ৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
এই ৰোডমেপৰ জৰিয়তে দেশ দুখনৰ মাজত পাৰস্পৰিক সম্পৰ্ক ,বাণিজ্য আৰু অৰ্থনীতি,প্ৰতিৰক্ষা আৰু নিৰাপত্তা ,জলবায়ু পদক্ষেপ আৰু স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আগন্তুক ১০ বছৰত গভীৰ আৰু শক্তিশালী সম্পৰ্কৰ পথ মুকলি কৰিব।
ইয়াৰ উপৰিও দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে এই সন্মিলনৰ জৰিয়তে ক’ৰোনা মহামাৰীৰ ভয়ংকৰ পৰিস্থিতিৰ বিৰুদ্ধে চলি থকা যুঁজত পাৰস্পৰিক সহযোগিতাৰ বিষয়ে আলোচনা কৰে।
লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰোনাৰ দ্বিতীয় সংক্ৰমণৰ যুক্তৰাষ্ট্ৰই প্ৰদান কৰা দ্ৰুত চিকিৎসাৰ সহায়ৰ বাবে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।
লগতে প্ৰধানমন্ত্ৰী জনছনেও ক’ৰোনাৰ প্ৰথম সংক্ৰমণত ভাৰতে কৰা সহায় সহযোগিতাৰ বাবে প্ৰশংসা কৰে।
এই সন্মিলনৰ জৰিয়তে আঞ্চলিক আৰু গোলকীয় বিষয়সমূহটো মত বিনিময় কৰে।
ভাৰত ব্ৰিটেইনে ‘প্ৰবজন আৰু আন্দোলনৰ ওপৰত ব্যাপক অংশীদাৰীত্ব ‘ আৰম্ভ কৰিছে ।
যাৰ বাবে দেশ দুখনৰ মাজত শিক্ষাৰ্থী আৰু পেছাদাৰী সকলৰ চলাচলৰ বাবে অধিক সুযোগ প্ৰদান কৰিব।
Photo Credit প্ৰধানমন্ত্ৰী :Google