ভাৰতে ২০১৮ চনৰ পৰা প্ৰায় ৫৭৭ জন অনুপ্ৰৱেশকাৰীক চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ হস্তান্তৰ কৰিছে। এই ৫৭৭ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ভিতৰত, সীমাৰ ওচৰত অৱস্থিত গাওঁবোৰৰ মহিলা, শিশু আৰু পুৰুষ আছে। তথ্য অনুসৰি, ইয়াৰে ৪৮০ জন অনুপ্ৰৱেশকাৰী পশ্চিম বংগৰ মাজেৰে ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল, ৭১ জন ত্ৰিপুৰাৰ মাজেৰে, ১৮ জন মেঘালয়হৈ আৰু আঠজন অসমৰ মাজেৰে প্ৰৱেশ কৰিছিল। ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা চলিত বৰ্ষৰ ২১ মে’ৰ ভিতৰত উক্ত ৫৭৭ জন অনুপ্ৰৱেশকাৰীক বাংলাদেশ চৰকাৰক হস্তান্তৰ কৰা হয়।
চৰকাৰী তথ্য অনুসৰি চলিত বৰ্ষৰ ১০০ ৰো অধিক অনুপ্ৰৱেশকাৰীক নিজ দেশলৈ উভতি গৈছে। বিগত ২ মে’ লৈকে সীমান্ত সুৰক্ষা বাহিনীয়ে প্ৰায় ১২৯ জন বাংলাদেশী লোকক নিজৰ কৱলত ৰাখিছিল। এই অবৈধ অনুপ্রৱেশকাৰীসকল চাকৰি অথবা কৰ্মসূত্ৰে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্রম কৰি ভাৰতত প্ৰৱেশ কৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ভাৰত-বাংলাদেশ সীমান্তৰ অসমত ২৬২ কিলোমিটাৰ, ত্ৰিপুৰাত ৮৫৬ কিলোমিটাৰ, মিজোৰামত ৩১৮ কিলোমিটাৰ, মেঘালয়ত ৪৪৩ কিলোমিটাৰ আৰু পশ্চিম বংগত ২,২১৭ কিলোমিটাৰ সৈতে ভাৰত বাংলাদেশ সীমান্ত সংগঠিত হৈছে। বিগত বৰ্ষত ভাৰতত, ১১৬ জন অবৈধ বাংলাদেশী লোক ধৰা পৰিছিল। ইয়াৰে ৯১ জন পশ্চিমবংগৰ মাজেৰে, ১৭ জন ত্ৰিপুৰাৰ মাজেৰে, ৫ জন অসম সীমান্তৰে আৰু ৩ জন মেঘালয়ৰ সীমান্ত অতিক্রম কৰি ভাৰতত প্ৰৱেশ কৰিছিল। ইয়াৰে আটাইকেইগৰাকী অনুপ্ৰৱেশকাৰীক বাংলাদেশ সীমান্ত সুৰক্ষা বাহিনীৰ হাতত গতাই দিয়া হয়।
আনহাতে ২০১৯ চনত ৭০ জন অনুপ্ৰৱেশকাৰীক আটক কৰা হৈছিল আৰু বাংলাদেশক হস্তান্তৰ কৰা হৈছিল। ইয়াৰ ভিতৰত, পশ্চিমবংগ সীমান্তৰ জৰিয়তে ৩৮ জন, ত্ৰিপুৰাৰে ৯ জন, মেঘালয়ৰ মাজেৰে ১২ জন আৰু ১ জন অসমৰ মাজেৰে প্ৰৱেশ কৰিছিল। লগতে ২০১৮ বৰ্ষত মুঠ ২৬২ জন বাংলাদেশীক নিজ দেশলৈ হস্তান্তৰ কৰা হয়। ইয়াৰে ভিতৰত ২৩৫ জনে পশ্চিমবংগৰ মাজেৰে ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল, ২৬ জনে ত্ৰিপুৰাৰ মাজেৰে আৰু ১জন অসমৰ মাজেৰে প্ৰৱেশ কৰিছিল ভাৰতত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল।