বৃহস্পতিবাৰে ভাৰতে সম্পূৰ্ণ কৰিলে ব্ৰহ্মচ ছুপাৰ ছ’নিক ক্ষেপণাস্ত্ৰৰ এক নতুন সংস্কৰণৰ সফল পৰীক্ষণ কৰে । ওড়িশাৰ বালাচোৰৰ উপকূলৰ পাৰত কৰা হয় এই পৰীক্ষা।
প্ৰতিৰক্ষা বিভাগৰ এক সূত্ৰই সদৰি কৰা অনুসৰি,ব্ৰহ্মচ মিছাইলৰ এই নতুন সংস্কৰণত যথেষ্ট প্ৰযুক্তিগত উন্নয়ন কৰা হৈছে ৷ বিগত সপ্তাহত ভাৰতীয় নৌ সেনাৰ যুদ্ধ জাহাজ আই এন এচ বিশাখাপট্টনমৰ পৰা এই ব্ৰহ্মচ ছুপাৰ ছ’নিক মিছাইলৰ সফল সম্পৰীক্ষণ কৰা হৈছিল । “উন্নত মানৰ এই ব্ৰহ্মচ ছুপাৰ ছ’নিক মিছাইলৰ চি টু চি ভেৰিয়েণ্টৰ পৰীক্ষণ সম্পূৰ্ণ হ’ল ।
উল্লেখযোগ্য যে, এই ব্ৰহ্মচ ক্ষেপনাস্ত্ৰসমূহ হ’ল ভাৰতীয় নৌ সেনাৰ যুদ্ধ জাহাজ সমূহৰ প্ৰধান অস্ত্ৰ। এই ক্ষেপনাস্ত্ৰসমূহ নৌ সেনাৰ সকলো ঘাটিতেই ইতিমধ্যেই স্থাপন কৰা হৈছে । এই ক্ষেপনাস্ত্ৰৰ পানীৰ তলত ব্যৱহাৰ কৰিব পৰা এক সংস্কৰণৰ ওপৰতো কাম চলি আছে ৷