ক’ৰোনাৰ প্ৰভাৱ এতিয়া সমগ্ৰ দেশে প্ৰত্যক্ষ কৰিছে। যাৰ বাবে ৰাইজে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।
ইয়াৰ পৰিপ্ৰেক্ষিততে কেইবাখনো ৰাজ্যত বলবৎ কৰিছে লকডাউন।
এতিয়া ক’ৰোনাৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে ৰে’ল সেৱাটো।
যাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা বাবে কেইবাখনো ৰে’ল বাতিল কৰা হৈছে।
যদি আপুনিও কৰবাত যাত্ৰা কৰাৰ কথা ভাবিছে তেন্তে এবাৰ ৰে’লৰ ষ্টেটাছ চাই লওক।
Temporary cancellation of Special trains #SRUpdates pic.twitter.com/Mju9mC62fc
— Southern Railway (@GMSRailway) April 28, 2021
দক্ষিণ ৰে’লৱে আৰু চেণ্ট্ৰেল ৰে’লৱেই টুইট কৰি ইয়াৰ বিষয়ে জানিবলৈ দিয়ে।
চেণ্ট্ৰেল ৰে’লৱেই কেইবাখনো ৰে’ল ২৭ এপ্ৰিলৰ পৰা আৰম্ভ কৰি ১১ মে’লৈ বাতিল কৰি দিছে।
ইফালে, দক্ষিণ ৰে’লৱেই ২৯ এপ্ৰিল অৰ্থাৎ আজিৰে পৰা পৰৱৰ্তী আদেশলৈ কেইবাখনো ৰে’ল বাতিল কৰিছে।
कम प्रतिसाद मिलने के कारण रद्ध की गईं ट्रेनें। pic.twitter.com/Ht59nAXdAn
— Central Railway (@Central_Railway) April 27, 2021
চেণ্ট্ৰেল ৰে’লৱেৰ তৰফৰ পৰা বাতিল কৰা ৰে’লসমূহ-
02109/02110 মুম্বাই-মনমাড-মুম্বাই বিশেষ ৰে’ল ২৭ এপ্ৰিলৰ পৰা ১০ মে’লৈ বাতিল কৰা হৈছে।
02015/02016 মুম্বাই-পুণে-মুম্বাই বিশেষ ৰে’ল ২৭ এপ্ৰিলৰ পৰা ১০ মে’লৈ বাতিল কৰা হৈছে।
02113 পুণে-নাগপুৰ ত্ৰি-সাপ্তাহিক বিশেষ ৰে’ল ২৮ এপ্ৰিলৰ পৰা ১০ মে’লৈ বাতিল কৰা হৈছে।
Photo: Google