ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ গেম চেঞ্জাৰ ঔষধ ২-ডিজি: আপোনালোক সকলোৱে জনাৰ প্ৰয়োজন যে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ আৰু স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে সোমবাৰে নতুন এণ্টি-কোভিড-১৯ থেৰাপিউটিক ঔষধ ২-ডিঅক্সি-ডি-গ্লুক’জ বা ২-ডিজি মুকলি কৰে।
পৰিপূৰক অক্সিজেনৰ প্ৰয়োজনীয়তা হ্ৰাস কৰা ২-ডিজি ঔষধটো এই মাহৰ আৰম্ভণিতে জৰুৰীকালীন ব্যৱহাৰৰ বাবে ভাৰতীয় ঔষধ নিয়ন্ত্ৰক জেনেৰেল (DCGI)ৰ দ্বাৰা অনুমোদিত হৈছিল।
ঔষধটোৰ অনুমোদন এনে এটা সময়ত হৈছে যিটো সময়ত সমগ্ৰ দেশে ক’ৰোনা ভাইৰাছ ৰোগৰ এক মাৰাত্মক দ্বিতীয় ঢৌৰ সৈতে যুঁজ দি আছে।
ফাৰ্মা মেজৰ ড০ ৰেড্ডীজ লেবৰটৰিজ (DRL)ৰ সহযোগত DRDOৰ দ্বাৰা বিকশিত, ঔষধটোক ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজত এক গেম-চেঞ্জাৰ বুলি অভিহিত কৰা হৈছে।
ঔষধে কেনেদৰে কাম কৰে?
2-Deoxy-D-Glucose ঔষধটো পাউডাৰ ৰূপত এটা পেকেটত আহে, যাক পানীত মিহলাই মুখেৰে গ্ৰহণ কৰিব লাগিব। ইয়াৰ দ্বাৰা ভাইৰাছ সংক্ৰমিত কোষবোৰত জমা হয় আৰু ভাইৰাছ সংশ্লেষণ আৰু শক্তি উৎপাদন বন্ধ কৰি ভাইৰাছৰ বিকাশ প্ৰতিহত কৰে। ঔষধটোৱে হাঁওফাঁওলৈ বিয়পি পৰা ভাইৰাছ সংক্ৰমণৰ ওপৰতো কাম কৰে, যি ৰোগীৰ অক্সিজেনৰ ওপৰত নিৰ্ভৰযোগ্যতা হ্ৰাস কৰাত সহায় কৰে।
নিদানিক পৰীক্ষণঃ
ঔষধটোৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ এপ্ৰিল-মে’ ২০২০ত সম্পূৰ্ণ হৈছিল। ২০২০ চনৰ মে’ মাহৰ পৰা ২০২০ চনৰ অক্টোবৰ মাহৰ ভিতৰত দেশৰ ১১খন চিকিৎসালয়ত ১১০ জন ৰোগীৰ ওপৰত দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ কৰা হৈছিল। দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণত পোৱা গৈছিল যে এই ঔষধ ব্যৱহৃত ৰোগীসকলে অন্য ৰোগীতকৈ ২.৫ দিন পূৰ্বে সুস্থ হৈ উঠে। ২০২০ চনৰ ডিচেম্বৰৰ পৰা ২০২১ চনৰ মাৰ্চ মাহৰ ভিতৰত কেইবাখনো ৰাজ্যৰ ২৭খন চিকিৎসালয়ত ভৰ্তি হোৱা ২২০ জন ৰোগীৰ ওপৰত ঔষধটোৰ তৃতীয় আৰু অন্তিম পৰীক্ষণ কৰা হৈছিল- দিল্লী, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, গুজৰাট, ৰাজস্থান, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক আৰু তামিলনাডু।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক প্ৰেছ বিবৃতি অনুসৰিঃ “নিদানিক পৰীক্ষণৰ ফলাফলে দেখুৱাইছে যে এই অণুটোৱে চিকিৎসালয়ত ভৰ্তি ৰোগীসকলৰ দ্ৰুত আৰোগ্যত সহায় কৰে আৰু পৰিপূৰক অক্সিজেন নিৰ্ভৰশীলতা হ্ৰাস কৰে।
“২-ডিজিৰে চিকিৎসা কৰা ৰোগীৰ উচ্চ অনুপাতত ক’ভিড ৰোগীৰ ক্ষেত্ৰত RT-PCR ঋণাত্মক ৰূপান্তৰ দেখা গৈছে। এই ঔষধটো ক’ভিড-১৯ত ভুগি থকা লোকসকলৰ বাবে যথেষ্ট লাভজনক হ’ব।”
ঔষধৰ সুবিধাঃ
ঔষধটোৰ এটা মুখ্য সুবিধা হৈছে যে ইয়াক ভাৰতত সহজে উৎপাদন কৰিব পাৰি আৰু বৃহৎ পৰিমাণত উপলব্ধ কৰিব পাৰি কিয়নো, ২-ডিজি হৈছে এক জেনেৰিক অণু আৰু গ্লুক’জৰ এনালগ।
ঔষধৰ মূল্যঃ
২-ডিজি ঔষধৰ মূল্য এতিয়াও চৰকাৰে চূড়ান্ত কৰা নাই। অৱশ্যে, প্ৰতিবেদনত কোৱা হৈছে যে, ইয়াৰ ব্যয় প্ৰায় ৫০০ৰ পৰা ৬০০ টকা হ’ব।
Photo: Google