ভাৰত আৰু নেপালৰ মাজত আৰম্ভ হ’ব ৰেল সেৱা। ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাই নতুন দিল্লীৰ হায়দৰাবাদ হাউচৰ পৰা ভিডিঅ’কনফাৰেন্সৰ জৰিয়তে এই ৰেল সেৱা উদ্বোধন কৰিব। এই নতুন ৰেল সেৱাৰ জৰিয়তে জয়নগৰ-বিজালপুৰা-বৰদিদাসলৈকে দুয়োখন দেশৰ মাজত সংযোগ স্থাপন কৰিব। ইয়াৰ মুঠ দৈৰ্ঘ্য হ’ব ৬৯.০৮ কিলোমিটাৰ।
উল্লেখ্য যে প্ৰথম পৰ্যায়ত ৩৪.৫ কিলোমিটাৰ ৰে’লপথ উদ্বোধন কৰা হ’ব। এই ৰে’লপথে বিহাৰৰ জয়নগৰক নেপালৰ জনকপুৰৰ কুৰ্থা ষ্টেচনৰ সৈতে সংযোগ কৰিব। ডি আৰ এম আলোক আগৰৱালে এই প্ৰসংগত কয় যে, উদ্বোধনৰ পিছতে ৰে’লখন ৰে’ল কৰ্মচাৰী আৰু কেইবাজনো জ্যেষ্ঠ বিষয়াৰ সৈতে কুৰ্থালৈ ৰাওনা হ’ব। ৰেলখনে দেওবাৰৰ পৰা যাত্ৰীসকলৰ বাবে মুকলি কৰা হ’ব। এই ৰেলৰ জৰিয়তে কেৱল ভাৰতীয় আৰু নেপালৰ লোকেহে ভ্ৰমণ কৰিব পাৰিব।ৰেল বিভাগে জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে আন দেশৰ নাগৰিকসকলক ৰেলত যাত্ৰা কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।
২০১০ ভাৰত চৰকাৰে নেৰো গজ লাইনক ব্ৰডগজ লাইনলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰায় ৫৪৮ কোটি টকা মঞ্জুৰ কৰিছিল। ২০১৪ চনলৈকে, জয়নগৰৰ পৰা জনকপুৰলৈ ৰেলবোৰ একেটা লাইনত চলি আছিল। ইয়াৰ পিছত, ৰেল সেৱা বন্ধ কৰা হৈছিল। ৮ বছৰৰ পিছত ৰেল সেৱা পুনৰ আৰম্ভ হোৱাৰ লগে লগে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সকাহ হ’ব বুলি আশা কৰা হৈছে।