গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ অধ্যয়ন প্রতিস্থান চমুকৈ IASSTত সোমবাৰে প্রযুক্তি হস্তান্তকৰণৰ ওপৰত এখন উদ্যোগিক আৰু শৈক্ষিক সন্মিলন অনুস্থিত হয়। IASSTৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখার্জীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সন্মিলনখনত অধ্যাপক মুখার্জীয়ে কয় যে এই সন্মিলনখনে শিক্ষা আৰু উদ্যোগৰ মাজত এক সহযোগিতাৰ সৃষ্টি কৰি প্ৰযুক্তি সমূহৰ উদ্ভাৱন ত্বৰানিত কৰিব। উদ্ভাৱিত প্রযুক্তি সমূহৰ বাণিজ্যিকীৰণৰ ক্ষেত্ৰত সহায়ক হব আৰু লগতে সমাজৰ উন্নতিৰ হকে প্রযুক্তি সমূহক বহলভাবে ব্যৱহাৰ কৰি এক গতিশীল পৰিবেশৰ সৃষ্টি হব।
আনহাতে সন্মিলনখনত ভাৰতবৰ্ষৰ কেইবাটাও অনুস্থানৰ প্ৰযুক্তিবিদ, বৈজ্ঞানিক আৰু মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, গৱেষক, ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰে আৰু বক্তৃতা প্রদান কৰে। অনুষ্ঠানত বিশেষ বক্তৃতা প্রদান কৰে টাইফেক, নতুন দিল্লীৰ বিজ্ঞানীদ্বয় ক্রমে অধ্যাপক প্রদীপ শ্রীবাস্তৱ আৰু ডঃ সংগীতা নাগৰ, SCTIMST, কেৰেলাৰ বিজ্ঞানী ডঃ হৰিকৃষ্ণ বার্মা আৰু ডঃ ৰয় যোছেফ, হিমালয়ান বায়টেকৰ কাৰ্য্যবাহী সঞ্চালক অধ্যাপক আৰ এন সিং আৰু চিৰাম ইনষ্টিটিউত অব ইণ্ডিয়াৰ বিজ্ঞানী ডঃ সৌৰভ মজুমদাৰ।