গুৱাহাটী, ২২ জুনঃ ২৬ জুনত আন্তঃৰাষ্ট্ৰীয় মাদকদ্ৰব্য নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ দিৱস উপলক্ষে তিনিচুকীয়াৰ ডুমডুমাস্থিত বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ে আন্তঃমহাবিদ্যালয় শ্ল’গান লিখা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাৰ বিষয় হৈছে মাদকদ্ৰব্য নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ। উচ্চতৰ মাধ্যমিক আৰু স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। অসমীয়া, ইংৰাজী বা হিন্দীত শ্ল’গানসমূহ লিখিব পাৰিব। শ্ল’গানসমূহ জমা দিয়াৰ শেষ তাৰিখ হৈছে ২৫ জুনৰ সন্ধিয়া ৭ বজা। ২৬ জুনৰ সন্ধিয়া ৫ বজাত ফলাফলসমূহ ঘোষণা কৰা হ’ব। প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক আকৰ্ষণীয় পুৰস্কাৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। অধিক জানিবলৈ আহ্বায়িকাদ্বয় অন্বেষা গগৈ (৮৪৮৬৮ ৯৪২৪৬) আৰু কৰবী দত্ত (৯৮৬৪৬ ৮৩১৯৯) ৰ সৈতে যোগাযোগ কৰিব পাৰিব।