IPL 2021ত ক’ৰোনাৰ সন্ত্ৰাস অব্যাহত। ইয়াৰ পৰিপ্ৰেক্ষিততে আইপিএল ২০২১ৰ সম্পূৰ্ণ ছীজনটো স্থগিত কৰা হৈছে।
মঙলবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ উইকেটকীপাৰ ঋদ্বিমান সাহাও ক’ৰোনাত আক্ৰান্ত হৈছিল।
যাৰ বাবে আইপিএলৰ সম্পূৰ্ণ টুৰ্ণামেণ্টেই স্থগিত ৰখা হ’ল।
দৰাচলতে চাৰিটা পৃথক-পৃথক আইপিএল দলৰ পৰা এতিয়ালৈ কেইবাগৰাকীও খেলুৱৈৰ দেহত ধৰা পৰিছে ক’ৰোনা পজিটিভ।
কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈ প্ৰথমে সংক্ৰমিত হৈছে।
এতিয়া BCCIৰ উপাধ্যক্ষ ৰাজীৱ শুক্লাই ক’লে যে, এইটো কাৰণতে স্থগিত ৰখা হৈছে।
Photo: Headline8