সম্পূৰ্ণ এটা সপ্তাহৰ অন্তত ক’ভিডমুক্ত হ’ল নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । এটা সপ্তাহ পূৰ্বে কৰা ক’ভিড পৰীক্ষাত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ লগতে নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাৰ দেহত ধৰা পৰিছিল এই ভাইৰাছ ।
চিকিৎসকৰ পৰামৰ্শ অনুসৰি নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকা হোম আইছ’লেশ্যনত আছিল ।
ইপিনে বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে কৰা ক’ভিড ১৯ পৰীক্ষাৰ ফলাফল নিগেটিভ বুলি স্বাস্থ্য বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে ।
নগাঁও বাসীৰ অতি আপোন হৈ পৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ ক’ভিডমুক্ত হোৱাৰ খবৰে এতিয়া উৎফুল্লিত কৰিছে সকলোকে । উল্লেখ যে, আনন্দ মিশ্ৰই পুনৰ কৰ্মত যোগদান কৰি অপৰাধৰ বিৰুদ্ধে সক্ৰিয় ৰূপত আৰম্ভ কৰিব অভিযান ।