ভাৰতত দ্ৰুতগতিত বৃদ্ধি হৈছে ক’ৰোনা সংক্ৰমণ।
ভাৰতৰ এই সংকটৰ সময়ছোৱাত ক’ৰোনাৰ সৈতে যুজঁ দিবলৈ সহায় কৰিছে বহুতো ৰাষ্ট্ৰই।
ইৰানৰ স্বাস্থ্যমন্ত্ৰী ছাইড নামকিয়ে ভাৰতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে।
আজি ইৰানৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ভাৰত চৰকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰি জানিবলৈ দিয়ে এই কথা।
পত্ৰ খনত উল্লেখ কৰিছে যে এই আতংকময় পৰিবেশক ৰোধ কৰিবলৈ সকলোৰে সহায় সহযোগিতাৰ প্ৰয়োজন।
লগতে ক’ৰোনাৰ বাবে ভাৰতত প্ৰয়োজন হোৱা ঔষধ,প্ৰতিষেধক,অক্সিজেন লগতে স্বাস্থ্য ৰক্ষাৰ লগত জড়িত সকলো সামগ্ৰী যোগান ধৰিব বুলি পত্ৰ খনত উল্লেখ কৰে ইৰানৰ স্বাস্থ্যমন্ত্ৰী ছাইড নামাকিয়ে।