গৃহ নিৰ্মাণৰ অনুমতি দিয়াৰ ক্ষেত্ৰত ব্যাপক অনিয়ম গুৱাহাটী পৌৰনিগমৰ।
টাটা ইন্সটিটিউট অফ চচিয়েল চাইন্সৰ গৃহ নিৰ্মাণত অনিয়ম।
ষষ্ঠ মহলাৰ ছয়টা অট্টালিকা নিৰ্মাণৰ অনুমতি লাভ কৰা টাটা ইন্সটিটিউটে নিৰ্মাণ কৰিলে দহটাৰো অধিক অট্টালিকা। গুৱাহাটী পৌৰনিগমৰ বিষয়াৰ লগত Headline8 ৰ সাংবাদিকে এই বিষয়ে প্ৰশ্ন কৰাত তেওঁলোকে দায় সৰা মন্তব্য আগবঢ়াই বিষয়টোৰ পৰা ফালৰি কাটিব বিচাৰে।
উল্লেখ্য যে, ২০১৯ বৰ্ষতে পৌৰনিগমৰ তৰফৰ পৰা বিচৰা হৈছিল building block progress report, কিন্তু উক্ত তথ্যৰ আকৌ আবেদন কৰা তাৰিখ আছিল ২০২০ বৰ্ষ। তাৰেপৰাই অনুমান কৰিব পাৰি যে, কিমান অনিয়ম চলিছে বিভাগটোত। পৌৰনিগমৰ অতিৰিক্ত আয়ুক্ত ৰঞ্জিত স্বৰ্গীয়াৰীয়ে আমাৰ সাংবাদিকক দিয়া ভাষ্য অনুসৰি, তেওঁলোকে এতিয়াও এই বিষয়ে ভালকৈ অৱগত নহয়। লগতে তেওঁ বিষয়টোৰ ওপৰত অতি শীঘ্ৰেই অনুসন্ধান কৰিব বুলিও আশ্বাস দিয়ে।
কিন্তু সেই অনুপাতে পৌৰ নিগমৰ আন বিষয়াসকল এই বিষয়ত নিমাত। সেই বিভাগৰে বিষয়া দুজনমানে অৱশ্যে, প্ৰথম অৱস্থাত টাটা ইন্সটিটিউটৰ এই অনিয়ম সংঘটিত কৰাৰ বিষয়ে দুবাৰকৈ কাৰণ দৰ্শোৱাৰ জাননী পৌৰনিগমৰ ফালৰ পৰা জাৰি কৰা হৈছিল বুলি জনাইছে।
হাস্যকৰ যে, তৃতীয়বাৰ গৃহ পৰিদৰ্শন তথা জাননী জাৰী কৰিবলৈ যোৱা বিভাগটোৰ বিষয়া- কৰ্মচাৰীয়ে টাটা ইন্সটিটিউটৰ বিশাল চৌহদটো বিচাৰিয়েই নাপালে। গতিকে ইয়াৰ পৰাই টাটা ইন্সটিটিউট আৰু পৌৰনিগমৰ মাজৰ মধুৰ সম্বন্ধৰ বিষয়ে ধাৰণা কৰিব পৰা যায়।
সৰু সৰু গৃহ তথা দোকান- পোহাৰৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰা পৌৰনিগম, টাটাৰ দৰে বৃহৎ অনুষ্ঠানৰ ক্ষেত্ৰত ইমান নৰম কিয়? এইয়াই এতিয়া ৰাইজৰ মনৰ প্ৰশ্ন।