“সুস্বাস্থ্যৰ অধিকাৰী হৈ নিৰোগী হিচাপে জীৱনটো অতিবাহিত কৰিব পৰাটোও একধৰণৰ দেশপ্ৰেম বা দেশসেৱা।” এই মন্তব্য বিশিষ্ট চিকিৎসক, লণ্ডন নিৱাসী প্ৰৱাসী ভাৰতীয় ডাঃ জয়ন্তবিশ্ব শৰ্মাৰ। অলপতে, কামৰূপ (ম) জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত স্বাস্থ্য বিষয়ক এক বক্তৃতা আৰু বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিশিষ্ট প্ৰৱাসী চিকিৎসক গৰাকীয়ে।
উল্লেখ্য যে, কামৰূপ (ম) জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰে আছাম হেল্থকেয়াৰ কো-অপাৰেটিভ চ’ছাইটি নামৰ অনুষ্ঠানটোৱে। উল্লেখ্য যে সুদুৰ লণ্ডনৰ পৰাই এই অনুষ্ঠানটোৰ গুৰি ধৰি আহিছে ডাঃ জয়ন্তবিশ্ব শৰ্মাই। শিৱিৰটোত কাৰ্যালয়টোত কৰ্মৰত কৰ্মচাৰীসকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও বিষয়া-কৰ্মচাৰী সকলৰ ফালৰ পৰা উত্থাপন কৰা স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন প্ৰশ্ন আৰু সমস্যাৰো উত্তৰ দিয়ে চিকিৎসক গৰাকীয়ে।
তেওঁ কয় “আমি কিছুমান ব্যৱস্থা নিজেই কৰি লব পাৰো, বহুতে কিছুমান সমস্যা সমাধানৰ বাবে কেৱল চৰকাৰখনকে দোষী কৰি থাকে। আচলতে বহুতে ভবাৰ দৰে সমস্যাসমূহ সমাধান কৰিবলৈ কোনোধৰণৰ চুইছ নাথাকে যে সেইটো টিপা মাৰি দিলেই সমস্যাবোৰ নিমিষতে নোহোৱা হৈ যাব। চৰকাৰখনৰ প্ৰধান দায়িত্ব হ’ল সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলক চোৱাচিতা কৰা, গুৰুত্ব দিয়া। আজিকালি চিকিৎসা ব্যৱস্থাটোৱেই অত্যন্ত ব্যয়বহুল। তেনেক্ষেত্ৰত কোনো এজন লোক যদি অন্ততঃ ৭০ বছৰ বয়সলৈ এবাৰো হাস্পতালত ভৰ্তি হবলগীয়া নহয় তেন্তে মই ভাবো তেওঁৰ কমেও ২০ লাখ টকা ৰাহি হয়। গতিকে নিয়মীয়া ব্যায়াম, পৰিমিত খাদ্য আদিৰ জড়িয়তে আমি নিজৰ স্বাস্থ্যটোক নিৰোগী কৰি ৰাখিব পাৰো। ”
এই উপলক্ষে আয়োজিত অনুষ্ঠানটোত বিষয়া-কৰ্মচাৰী সকলে প্ৰচণ্ড চাপৰ মাজত থাকিও কাম কৰি থাকিবলগীয়া হোৱা অৱস্থাৰ মাজত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন লব পাৰি সেই বিষয়েও ডাঃ শৰ্মাই বহু মূল্যবান পৰামৰ্শ আগবঢ়ায় । উল্লেখযোগ্য যে আছাম হেল্থকেয়াৰ কো-অপাৰেটিভ চ’ছাইটি নামৰ এই অনুষ্ঠানটোৱে বিভিন্ন চৰকাৰী কাৰ্যালয়ত এইদৰে বিষয়া-কৰ্মচাৰী সকলৰ মাজত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি আহিছে। আগ্ৰহী সকলে পাঁচশ টকা ভৰ্তি মাচুল আদায় দি এই চ’ছাইটিৰ সদস্যভৰ্তিও হব পাৰে। সেইসকল সদস্যই চিকিৎসাৰ ক্ষেত্ৰত লাভ কৰিব বিশেষ ৰেহাই। আনহাতে আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি কামৰূপ (ম) জিলা পৰিবহন বিষয়া তথা পৰিবহন বিভাগৰ সহকাৰী আয়ুক্ত গৌতম দাসে কয়- “দেহা থাকিলেহে বেহা। স্বাস্থ্য যদি ঠিকে নাথাকে তেন্তে ধন-সোণ, টকা পইচা সকলো অৰ্থহীন। গতিকে আমি সকলোৱে এটা নিৰোগী শৰীৰ লৈ যাতে জীৱনটো পাৰ কৰিব পাৰো তাৰ প্ৰতিহে যত্নপৰ হোৱাটো উচিত।”